30.2 C
Assam
Wednesday, August 10, 2022

Featured News

Royal Enfield Hunter 350 launched in India

Royal Enfield has finally launched the much-anticipated Hunter...

Minor girl raped near New Delhi railway station, 2 arrested

Two hawkers have been arrested for allegedly...

ছাত্ৰ–ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ সমষ্টিৰ বিধায়কে লৈছে বিশেষ উদ্যোগ

Assamese Newsছাত্ৰ–ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ সমষ্টিৰ বিধায়কে লৈছে বিশেষ উদ্যোগ

সংযুক্ত লোক সেৱা আয়োগ আৰু অসম লোক সেৱা আয়োগৰ অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ–ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে লৈছে বিশেষ উদ্যোগ।

অসামৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সমৰ্থৱান হৈ উঠাৰ বাবে জেনেৰেল ষ্টাডিজ ইনটেনছিভ ফাউণ্ডেচনৰ বিনামূলীয়া কোচিং বেচত নামভৰ্তিৰ বাবে সমষ্টিটোৰ সকলো স্নাতক আৰু স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰ–ছাত্ৰীৰ পৰা অফলাইন বা অনলাইন আবেদন বিচৰা হৈছে।

মেধাৰ ভিত্তিত নিৰ্বাচন কৰা ৫গৰাকী ছাত্ৰ-ছাত্ৰীক লোক সেৱা আয়োগৰ অসামৰিক পৰীক্ষা তথা গুৱাহাটীত অন্যান্য চৰকাৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সমৰ্থৱান কৰি তোলা হ’ব। এই পাঠ্যক্ৰমত প্ৰিলিমছ আৰু মেইনছ দুয়োটাৰে শিক্ষাদান কৰা হ’ব।

২৬ জুলাইত প্ৰকাশ কৰা নামভৰ্তিৰ বিজ্ঞাপন মৰ্মে আৱেদনৰ শেষ তাৰিখ ৫ আগষ্ট। ছাত্ৰ–ছাত্ৰীসকলে সমষ্টিৰ বাসিন্দাৰ প্ৰমাণৰ লগতে নিজৰ শিক্ষাগত নথিপত্ৰ আৰু পাছপোৰ্ট ফটো প্ৰদান কৰিব লাগিব।

বিনামূলীয়া কচিং বেচত নামভৰ্তিৰ বাবে ছাত্ৰ–ছাত্ৰীসকলে ৭ আগষ্টত লিখিত পৰীক্ষা দিব লাগিব, য’ত ১০০ টা অৱজেকটিভ আৰু ৫ টা ছাবজেকটিভ প্ৰশ্ন থাকিব। প্ৰশ্নসমূহ সংযুক্ত লোক সেৱা আয়োগ আৰু অসম লোক সেৱা আয়োগৰ পাঠ্যক্ৰমৰ ভিত্তিত প্ৰস্তুত কৰা হ’ব।
পৰীক্ষাৰ স্থান– তামুলপুৰ নিৰ্বাচনী এলেকা, ফলাফল ঘোষণা– ১২ আগষ্ট। ১৫ আগষ্টৰ পৰা ৮ৰ পৰা ১০ মাহৰ বাবে কাৰ্যক্ৰম মুকলি কৰা হ’ব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: