Site icon Guwahati Times

বি টি আৰক লৈ বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

বৃহস্পতিবাৰে তামুলপুৰত উপস্থিত হৈ ২৫ কোটি টকা ব্যয়সাপেক্ষ আয়ুক্ত কাৰ্যালয়, ৫ কোটি টকা ব্যয়সাপেক্ষ আৱৰ্ত ভৱন আৰু ৫০ কোটি টকা ব্যয়সাপেক্ষ তামুলপুৰ ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে, “অতি সোনকালে বি টি আৰবাসীৰ বাবে অৰুণোদয় আঁচনিৰ অধীনত যথেষ্টসংখ্যক হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা আৰু ৰেচন কাৰ্ড প্ৰদান কৰিম”৷

লগতে ধমধমাৰ পৰা তামুলপুৰলৈ প্ৰায় ২৬ কিল’মিটাৰ পথ অসম মালাৰ অধীনত দুই লেনযুক্ত কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।

Exit mobile version