এজন ঠেলাচালক হল ১৬ লাখ টকীয়া বিলাসী বাহনৰ গৰাকী, চাওক কেনেকৈ !

  • Desk Editor
  • 16th March 2020
  • Comments Off on এজন ঠেলাচালক হল ১৬ লাখ টকীয়া বিলাসী বাহনৰ গৰাকী, চাওক কেনেকৈ !

পাঠশালাৰ সমীপৰ কেন্দুগুৰিৰ নিবাসী মফিজ আলী পেছাত এজন ঠেলাচালক। কিন্ত সেই ঠেলাচালক মফিজ আলী নিশাটোৰ ভিতৰতে হৈ পৰিল বিলাসী বাহনৰ মালিক। দৈনিক ঠেলা চলাই পৰিয়াল পোহপাল দিয়া লোকজনৰ নিশাটোৰ ভিতৰতে ঘূৰিল ভাগ্যৰ চকৰি। বিলাসী বাহন লাভ কৰি উৎফুল্লিত হৈ পৰিল হাঠিনাপুৰ নিবাসী ঠেলাচালক মহম্মদ মফিজ আলী।

উল্লেখযোগ্য যে দ্বিতীয় বাৰ্ষিক বামখাটা ১নং তৰুণ সংঘৰ ভৱন নিৰ্মাণৰ সাহায্যাৰ্থে ইউনাইটেড ক্লাব, বামখাটা আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু কেন্দুগুৰি বজাৰ কমিটীৰ সৌজন্যত উপহাৰ কুপনৰ খেল অনুষ্ঠিত হৈছিল। ঠেলাচালক মহম্মদ মফিজ আলীয়ে ১৩খন টিকটৰ এটা লটাৰী বহী ক্ৰয় কৰিছিল।

তাৰ ভিতৰত ৫টা টিকট বিক্ৰী কৰিছিল মফিজে। বাকী থকা টিকটকেইটাৰ ভিতৰতে লাগিল মফিজৰ নম্বৰ। লাভ কৰিলে টাটা কোম্পানীৰ এখন বিলাসী বাহন।

error: Content is protected !!