Site icon Guwahati Times

চাহত তেজপাত দি খালে কি কি উপকাৰ হয় ? সম্পূর্ণ পঢ়ক

{"subsource":"done_button","uid":"EFA4F506-0B3B-4E0C-BC01-90D09921C12C_1610621726226","source":"other","origin":"gallery","source_sid":"EFA4F506-0B3B-4E0C-BC01-90D09921C12C_1610621726942"}

বহুতো লোকে সোৱাদ তথা সুগন্ধৰ বাবে তেজপাত দিয়া চাহ খাই যদিও এনে চাহৰ স্বাস্থ্য ক্ষেত্ৰটো বহুতো উপকাৰিতা আছে। এই যাদুকৰী পাতত আছে কপাৰ, আয়ৰণ, জিংক, মেংগানিজ , মেগনেছিয়াম , পটাচিয়াম আৰু কেলচিয়ামৰ দৰে না না উপকাৰী উপাদান। ইয়াৰ উপৰিও তেজপাতত ভিটামিন চি, ভিটামিন এ আৰু ফলিক এচিডো পোৱা যায। আজি আমি কথা পাথিম চাহত তেজপাত দি খালে কি কি উপকাৰ হয় ? সেই বাবে সম্পূর্ণ পঢ়িব…

তেজপাত দিয়া চাহ তৈয়াৰ কৰিবলৈ হ’লে পানীত তেজপাত আৰু চাহপাত একেলগে দি উতলাই ঠাণ্ডা কৰি অথবা গৰমে গৰমেও সেৱন কৰিব পাৰি। আনহাতে গাখীৰ দিয়া চাহৰ লগতো তেজপাত মিহলাই খাব পৰা যায়।

তেজপাতৰ চাহে হজমক্ষমতা বৃদ্ধি কৰে। বদহজমৰ সমস্যাত ভোগা লোকসকলে এনে চাহ খালে যথেষ্ট সকাহ লাভ কৰিব পাৰে।

উচ্চ ৰক্তচাপ হ্ৰাস কৰা তথা শৰীৰৰ অপকাৰী কলেষ্টেৰল দূৰ কৰাৰ ক্ষেত্ৰটো তেজপাত দিয়া চাহ অতি উপকাৰী।

তেজপাতত থকা এন্টিঅক্সিডেন্টে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। ফলত মধুমেহ ৰোগীৰ ক্ষেত্ৰত এই চাহ বিশেষভাৱে উপকাৰী।

Exit mobile version