জনিয়াৰ লম্পট শিক্ষকৰ কাণ্ড; ছাত্রীক ধর্ষণ কৰি ফটো দিলে সামাজিক মাধ্যমত

0 min read

পৱিত্র শিক্ষাবৃত্তিত কালিমা সানিলে এজন লম্পট শিক্ষকে৷ এইজন লম্পট শিক্ষকে এগৰাকী নাবালিকা ছাত্রীক ধর্ষণ কৰি সামাজিক মাধ্যমত ফটো ভাইৰেল কৰা দুষ্কার্য সম্প্রতি পলমকৈ হ’লেও পোহৰলৈ আহিছে৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ জনিয়াস্থিত (সালেকুৰা) অমৰদীপ জাতীয় একাডেমীত৷

প্রাপ্ত অভিযোগ অনুসৰি কলগাছিয়াৰ এগৰাকী নাবালিকা ছাত্রী জনিয়াৰ অমৰদীপ একাডেমীত দশম শ্রেণীত অধ্যয়নৰত আছিল৷ ছাত্রীগৰাকী গণিত বিষয়ত অতি দুর্বল আছিল৷ একাডেমীৰ সহঃ শিক্ষক আবুল হুছেইনে বিদ্যালয় ছুটীৰ পিছত টিউচন কৰাৰ লগতে মেট্ৰিকত গণিতত ভাল নম্বৰ লাভ কৰাৰ পতিয়ন নিয়ায় নাবালিকাগৰাকীক৷

বিগত প্রায় চাৰি মাহ পূর্বে আবুল হুছেইনে টিউচনৰ অচিলা লৈ সেই সময়ত কোনো নথকাৰ সুযোগত ছাত্রীগৰাকীক ধর্ষণ কৰে৷ লগতে ছাত্রীগৰাকীৰ উলংগসদৃশ ছবি নিজৰ ম’বাইলত তুলি ৰাখে৷ যদিও ইমান দিনে লাজ–ভয়ত পৰিয়ালক এই বিষয়ে ছাত্রীগৰাকীয়ে অৱগত কৰাৰ সাহস কৰা নাছিল৷ কাৰণ এই বিষয়ে কোনোবাক অৱগত কৰিলে উলংগ ফটোসমূহ সামাজিক মাধ্যমত ভাইৰেল কৰিব বুলি লম্পট শিক্ষকজনে ছাত্রীগৰাকীক ভাবুকি দিছিল৷

ইপিনে ২৩ মার্চত লম্পট শিক্ষক হুছেইনে সামাজিক মাধ্যমত ফটোসমূহ আপলোড কৰাত সর্বত্র ভাইৰেল হয়৷ সমগ্র ঘটনা সন্দর্ভত বৰপেটা থানাত গোচৰ ৰুজু কৰা হৈছে৷

You May Also Like

More From Author