Site icon Guwahati Times

বিদ্যুৎ চুৰিৰে টীয়কত চলিছে জল জীৱন মিচনৰ কাম l

টীয়কৰ নিৰ্মীয়মান প্ৰকল্পত চলিল বিদ্যুৎ বিভাগৰ অভিযান l

টীয়কৰ প্ৰতিবেদক ৮ জুন /২৩

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি জল জীৱন মিচনত চলিছে একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানৰ অনৈতিক কাণ্ড। কোটি কোটি টকাৰ ব্যয় সাপেক্ষে দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন নাগৰিকক বিশুদ্ধ খোৱাপানী যোগানৰ নিমিত্তে যি “হৰ ঘৰ নল ঘৰ ঘৰ জল” শীৰ্ষক শ্লোগান দি খোৱা পানী যোগানৰ যি আঁচনি প্ৰৱৰ্তন কৰিছিল সেই আঁচনি এতিয়া এচাম ঠিকাদাৰ-কৰ্মচাৰীৰ অনৈতিক কাণ্ড আৰু চৰম কাণ্ডজ্ঞানহীনতাৰ বাবেই বাতৰিৰ শিৰোনাম দখল কৰিছে। উল্লেখযোগ্য যে যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত তামুলিছিগা, দগাওঁ, চিন্তামণিগড়কে আদি কৰি বিভিন্ন স্থানত জল জীৱন মিচনৰ বহু কেইটা প্ৰকল্পত নিৰ্মাণৰ কাম চলি আছে যদিও জনৈক ঠিকাদাৰৰ
সহযোগত আঁচনিসমূহত বিদ্যুৎ চুৰি কৰি নিৰ্মান কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে। এটি চৰকাৰী আঁচনি ৰূপায়ণৰ সময়ত সেই একেখন চৰকাৰৰ অধীনৰে এটি বিভাগৰ পৰা বিদ্যুৎ চুৰি কৰি লাখ লাখ টকা মাচুল ফাঁকিৰে প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি তথা মুখ্যমন্ত্ৰীৰ নিকা আৰু স্বচ্ছ অসম গঢ়াৰ শ্লোগানক উপলুঙা কৰাৰ সমান্তৰাল ভাৱে বিদ্যুৎ বিভাগক মাচুল ফাঁকিৰে এটি অপৰাধ সংঘটিত কৰাৰ দৰে ঘটনা সংঘটিত কৰিছে। ইয়াৰ লগতে এইজন বহু বিতৰ্কিত ঠিকাদাৰে পূৰ্বেও কৰ্মচাৰীক অনিয়মিত বেতন দিয়াৰ লগতে শিশু শ্ৰমিকৰ দ্বাৰা ঠিক কাম কৰাৰো অভিযোগ আছে। ইতিমধ্যে আজি বিয়লি টীয়ক বিদ্যুৎ উপ সংমণ্ডলৰ এটি দলে তামুলিছিগাত চলি থকা প্ৰকল্পত বিদ্যুৎ চুৰি কৰি নিৰ্মানৰ কাম চলাই থকা অৱস্থাত হাতেলোতে ধৰি বিভাগীয় তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version