Site icon Guwahati Times

টীয়ক আৰক্ষী থানাত ৰাইজৰ বাবে জলস্পন্দন প্ৰকল্প মুকলি।

যোৰহাট জিলা আৰক্ষী অধীক্ষক মোহন লাল মীনা আৰু অ’ এন জি চি যোৰহাট সংমণ্ডলৰ চাপৰ্ট মেনেজাৰ নবিন বাঞ্চালে টীয়ক আৰক্ষী থানাত আৰক্ষী প্ৰশাসনৰ লগতে ৰাইজৰ বাবে জলস্পন্দন নামেৰে এক খোৱা পানী প্ৰকল্প কালি আনুষ্ঠানিকভাৱে মুকলি কৰে।স্বাভাৱিকতে আৰক্ষী থানা অথৱা চকীসমূহত দেখিবলৈ পোৱা খোৱাপানী সমস্যা সমাধানাৰ্থে অ’ এন জি চি যোৰহাট সংমণ্ডলক আৰক্ষী অধীক্ষক মোহন লাল মীনাই জনোৱা আবেদন মৰ্মে জিলাখনৰ ১১ খনকৈ আৰক্ষী থানাত প্ৰায় ৮৩ লাখ টকা ব্যয় সাপেক্ষে খোৱাপানী আঁচনি আবণ্টন দিয়ে।সেই অনুসৰি প্ৰথম পৰ্যায়ত ভগামুখ আৰু টীয়ক আৰক্ষী থানাত দুটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰে। পথিক নামৰ সেচ্ছাসেৱী অনুষ্ঠানটিয়ে নিৰ্মাণ কৰা উক্ত আঁচনিৰ জড়িয়তে কেৱল আৰক্ষীয়েই নহয়, ৰাইজেও সুবিধা লাভ কৰিব‌।পথিকৰ বিষয়ববীয়া ভিক্টৰ ৰাজকুমাৰে আঁত ধৰা
উক্ত আনুষ্ঠানত টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত তেৰাংৰ লগতে জিলাখনৰ কেইবাগৰাকীও আৰক্ষী বিষয়া,চি আৰ পি এফৰ বিষয়া,গাওৰক্ষী বাহিনীৰ বিষয়ববীয়া, স্থানীয় লোক আৰু অ’ এন জি চি যোৰহাটৰ চি এছ আৰ ধৃতি দাস উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Exit mobile version