Site icon Guwahati Times

টীয়কৰ চুঙিবাৰী চাহ ফেক্টৰিত আত্মহননৰ ঘটনা…

 

টীয়কৰ প্ৰতিবেদক ২৫ জুন /২৩

টীয়কৰ কলিয়াপানী স্থিত চুঙিবাৰী চাহ ফেক্টৰীত এজন যুৱকে আত্মহত্যা কৰাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।জানিব পৰা মতে টীয়কৰ কাৱৈমাৰী চিনাতলি গাওঁৰ ৰঘুমনি কলিতা নামৰ যুৱকজনে যোৱা নিশা ফেক্টৰীৰ শৌচাগাৰত চিপ লগাই আত্মহত্যাৰ পথ বাচি লয়।ইফালে পৰিয়ালৰ লোকে যুৱকজনৰ আত্মহত্যাত সন্দেহ ব্যক্ত কৰিছে। নিশা প্ৰায় ৯ বজাত ঘৰলৈ ফোন কৰা ল’ৰাটোৱে এনেদৰে আত্মহত্যা কৰাটো কোনো কাৰনতে মানি লব পৰা নাই পৰিয়ালে।টীয়ক আৰক্ষী চাহ ফেক্টৰীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।উল্লেখযোগ্য যে মৃত ৰঘুমণি কলিতা ফেক্টৰীত কৰ্মচাৰীসকলৰ ৰান্ধনি হিচাপে কৰ্মৰত হৈ আছিল।আৰক্ষীয়ে ইতিমধ্য তদন্ত অব্যাহত ৰাখিছে l

Exit mobile version