Site icon Guwahati Times

টীয়কত মাইণ্ড গেম-২৪ ৰ উদ্যোগত দক্ষতা সম্পন্ন অভিভাৱক সভা; ডি এম আই টি পৰীক্ষা কেন্দ্ৰ মুকলি…

 

টীয়কৰ প্ৰতিবেদক ২৬ জুন /২৩

এটি শিশুৰ অন্তৰালত লুকাই থকা প্ৰচণ্ড দক্ষতা, শক্তিক কেনেদৰে এগৰাকী অভিভাৱকে অন্ত:কৰণেৰে অনুধাৱন কৰিব অথবা সাম্প্ৰতিক যান্ত্ৰিকতাময় পৰিবেশত শিশুটিৰ উজ্বল ভৱিষ্যতক লৈ অভিভাৱক কৰণীয় আদিৰ দৰে বিষয়সমূহক লৈ টীয়কত মাইণ্ড গেম-২৪ ৰ উদ্যোগত এক দক্ষতা সম্পন্ন অভিভাৱক সভা অনুষ্ঠিত হয়। টীয়ক আৰক্ষী থানাৰ সমীপৰ গ্ৰীণ এবেকাচ কেন্দ্ৰত আয়োজন কৰা এই সভাত মাইণ্ড গেম-২৪ ৰ মুখ্য কাৰ্যবাহী বিষয়া জগদীশ বৰ্মন আৰু সঞ্চালক ৰূপান্তৰ শ্বো’ৰকে সমল ব্যক্তি হিচাপে অংশ লৈ গুৰুত্বপূৰ্ণ বিষয়টিৰ ওপৰত আলোকপাত কৰে।টীয়কৰ ভালেসংখ্যক অভিভাৱকে অংশ লোৱা এই অনুষ্ঠানত জ্যোতিমণি হাজৰিকাৰ নেতৃত্বত ডি এম আই টি ৰ এটি পৰীক্ষা কেন্দ্ৰও মুকলি কৰে।ইয়াৰ জড়িয়তে মাইণ্ড গেম-২৪ ৰ তৰফৰ পৰা ইচ্ছুক অভিভাৱক সকলৰ শিশু সকলক অনলাইনযোগে কাউঞ্চেলিঙৰ ব্যৱস্থা কৰিব। ইচ্ছুক সকলে ৯১০১২-৭৬২৫৮ নম্বৰত যোগাযোগ কৰি সবিশেষ জানিব পাৰিব।

Exit mobile version