Site icon Guwahati Times

টীয়কত পুনৰ গড়ৰ আতংক ।

টীয়কত পুনৰ গড়ৰ আতংক। জানিব পৰা মতে টীয়ক সমষ্টিৰ অন্তৰ্গত জাঁজীমুখৰ হাতীশাল অঞ্চলত তিনিটাকৈ গড়ে মুক্ত বিচৰণ কৰিছে । ব্ৰহ্মপুত্ৰৰ আমলখিছিগা চাপৰিত এটা আৰু বৰচলা বিলত দুটাকৈ গড়ে কৰিছে মুক্ত বিচৰণ।উল্লেখযোগ্য যে কাজিৰঙাৰ পৰা ব্ৰহ্মপুত্ৰ চাপৰিয়েদি গড় তিনিটা আহি দিশহাৰা হৈ এনেদৰে মুক্ত বিচৰণ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে বনবিভাগৰ কৰ্মীয়ে।ইপিনে উক্ত অঞ্চলত

যোৰহাট বন বিভাগৰ বিষয়ববীয়া তথা কৰ্মী উপস্থিত হৈ পুনৰ কাজিৰঙালৈ গড় কেইটা ঘুৰাই পঠিওৱা চেষ্টা অব্যাহত ৰাখিছে যদিও গড় কেইটাৰ প্ৰকৃত সম্ভেদ এই পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই বণ বিভাগ। দ্ৰোণৰ সহায়ত গড়কেইটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ এতিয়া বন কৰ্মীসকল ব্যস্ত হৈ পৰিছে। ইতিমধ্যে হাতীশাললৈ গড় কেইটা সম্ভৱ হ’লে ট্ৰেংকুলাইজ কৰিবলৈ বন বিভাগৰ এক দহজনীয়া দল ৰাওনা হৈছে বুলি শেহতীয়াকৈ জানিব পৰা গৈছে।

Exit mobile version