Site icon Guwahati Times

সদৌ অসম ভিত্তিক মিষ্টাৰ আৰু মিচ কিডচ্ 2023 শীৰ্ষক এক সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত।

টীয়কৰ প্ৰতিবেদক ১৯ জানুৱাৰী/২৩: টীয়কৰ হস্পিতাল পথত টীয়কৰ কেন্দ্ৰীয় পুথিভঁৰালৰ সমীপত পি কে ক্ৰিয়েচনৰ উদ্যোগত তথা ফেচন জগতৰ অন্যতম যুৱ প্ৰজন্মৰ প্ৰতিভাবান যুৱতী প্ৰেৰণা গগৈৰ নেতৃত্বত সদৌ অসম ভিত্তিক মিষ্টাৰ আৰু মিচ কিডচ্ 2023 শীৰ্ষক এক সৌন্দৰ্য প্ৰতিযোগিতা কালি সন্ধ্যা অনুষ্ঠিত হয়।উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাখনি এগছি বন্তি জ্বলাই শুভাৰম্ভ কৰে টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈয়ে।উক্ত উদ্বোধনী অনুষ্ঠানত টীয়ক পৌৰসভাৰ ৱাৰ্ড আয়ুক্ত শিখাজ্যোতি দত্ত বৰা,সদৌ যোৰহাট ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰন্টু ভুঞা,ছাত্ৰ নেতা ঋতম দত্ত,টীয়ক আৰক্ষী থানা উপ পৰিদৰ্শক দিপাংকৰ দলে,সত্যজিত বৰাকে প্ৰমুখ্য কৰি টাইপাৰ কেইবাজনো বিষয়ববীয়াৰ লগতে ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাখনিত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু এই প্ৰতিযোগিতাই বিশেষকৈ শিশুসকলক অনাগত দিনবোৰত নিজৰ স্বাস্থ্য তথা সৌন্দৰ্যৰ প্ৰতি সজাগ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।উক্ত অনুষ্ঠানত উপভোগ কৰিবলৈ অঞ্চলৰ বহুসংখ্যক দৰ্শকৰ সমাবেশ হোৱা পৰিলক্ষিত হয়।

Exit mobile version