Site icon Guwahati Times

তেজপুৰৰ বিহগুৰিত ৰাছেল ভাইপাৰ উদ্ধাৰ

তেজপুৰৰ বিহুগুৰীত আজি এবিধ অতি বিষাক্ত সাপ ৰাছেল ভাইপাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে ৷ সাপটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে।

আজি পুৱা বিহুগুৰীৰ সেনা চাউনিৰ কাষৰ এখন পথাৰত ধ্ৰুৱজ্যোতি বৰুৱা নামৰ লোকজনে প্ৰথম প্ৰত্যক্ষ কৰে সাপটো। পৰৱৰ্তী সময়ত বৰকটকীয়ে সাপটো ৰাছেল ভাইপাৰ বুলি চিনাক্ত কৰে আৰু কিছু সময়ৰ পিছতেই উক্ত স্থানলৈ গৈ সাপটো উদ্ধাৰ কৰে। বৰকটকীয়ে বন বিভাগক সাপটো চিৰিয়াখানাত সংৰক্ষণ কৰি ৰখাটো সঠিক সিদ্ধান্ত হ’ব বুলি কয়।

Exit mobile version