Site icon Guwahati Times

চিমেন চাপৰিত এমাহে নিখোজ ডেৰ বছৰীয়া সন্তানৰ মহিলা,পৰিয়ালত সৃষ্টি হৈছে উদ্বিগ্নতা

চিমেন চাপৰিত এগৰাকী ডেৰ বছৰীয়া সন্তানৰ মহিলা নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ মাজত উদ্বিগ্ন কৰি তুলিছে। ঘটনাৰ বিৱৰণী মতে চিমেন আৰক্ষী থানাৰ আৰভিচি বড়ো গাঁৱৰ ফাগুণা বসুমতাৰীৰ পত্নী ৰূপহী বসুমতাৰী(২০)য়ে যোৱা ১৫ জানুৱাৰীৰ পুৱা আঠ বজাত ঘৰৰ পৰা ওলাই যায়। লগত এম্বুলেঞ্চ বসুমতাৰী নামৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে গুচি যোৱাৰ পিছত স্বামী আৰু পৰিয়ালৰ লোকে চিমেন চাপৰিৰ জাৰ্মনবাৰী গাঁৱৰ ৰূপহী বসুমতাৰীৰ পিতৃ মাতৃৰ ঘৰৰ লগতে লখিমপুৰৰ সম্পৰ্কীয় ঘৰতো বিচাৰ খোচাৰ কৰে যদিও আজিলৈকে মহিলা গৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই। ঘৰৰ পৰা ওলাই যোৱা দিন ধৰি ৰূপহী বসুমতাৰীয়ে ব্যৱহাৰ কৰা মবাইল নম্বৰটো বন্ধ হৈ আছে।সদাশয় ব্যক্তিয়ে মহিলা গৰাকীৰ সন্ধান পালে ৯৭০৭৫৯৩৪৫৪,৮৭৩০৯৯৯৯৮১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Source- Niyomaibarta

Exit mobile version