প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচা লৈ এইমছত ল’লে ক’ৰোনা ভেকচিনৰ প্ৰথমটো ড’জ

1 min read

দেশত আজিৰে পৰা আৰম্ভ হোৱা ক’ৰোনা ভেকচিন প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনটোত দিল্লীৰ এইমছত ক’ৰোনা ভেকচিন ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ক’ৰেনা ভেকচিনৰ প্ৰথমটো ড’জ লোৱা অৱস্থাত প্ৰধানমন্ত্ৰীগৰাকীৰ ডিঙিত আছিল অসমৰ ফুলাম গামোচা। মোদীয়ে টুইট কৰি ভেকচিন লোৱাৰ সংবাদ দিয়ে দেশবাসীক। তেওঁ ক’ৰোনা ভেকচিন প্ৰদান কাৰ্যত জড়িত দেশৰ চিকিৎসক, গৱেষকসকলক ভূয়সী প্ৰশংসা কৰে। ক’ৰোনাৰ সৈতে বিশ্বজোৰা যুদ্ধত ভাৰতীয় গৱেষক আৰু চিকিৎসকসকলৰ ভূমিকা অনস্বীকাৰ্য বুলি টুইটত উল্লেখ কৰে মোদীয়ে।

এতিয়ালৈ ক’ৰোনা ভেকচিন নোলোৱাসকলক এই প্ৰক্ৰিয়াত অংশ ল’বলৈও আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য, অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোদীয়ে অসমৰ গামোচা লৈ ভেকচিন লোৱা কাৰ্যত গৌৰাৱান্বিত বুলি উল্লেখ কৰি টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জনায়।

টুইটযোগে ড০ শৰ্মাই উল্লেখ কৰে- ‘সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইমছত প্ৰতিষেধক লোৱাৰ সময়ত ডিঙিত গামোচা পৰিধান কৰি থকা দেখি মন আনন্দেৰে ভৰি পৰিছে৷ অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতীক গামোচাখনৰ প্ৰতি তেখেতৰ স্নেহ তথা সন্মান কিমান ইয়েই প্ৰতিফলিত কৰিছে ৷ আমি আপোনাৰ প্ৰতি চিৰকৃতজ্ঞ।’

উল্লেখ্য, আজিৰ পৰা আৰম্ভ হোৱা ক’ৰোনাৰ দ্বিতীয় পৰ্যায়ৰ ভেকচিনেচন ৬০ বছৰৰ ওপৰৰ সকলো ব্যক্তিকে প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও গুৰুতৰ ৰোগ থকা ৪৫-৫৯ বছৰ বয়সৰ সকলো নাগৰিককে ভেকচিন প্ৰদানৰ সুবিধা এই পৰ্যায়তে কৰা হ’ব।
Source- Niyomiabarta

 

You May Also Like

More From Author