Site icon Guwahati Times

সৰ্বশিক্ষাৰ নগাঁৱৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত চুৰি

নিউজ ব্যুৰ’,নগাঁও,৩০মে’:–নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও নৰ্মাল স্কুল চৌহদত অৱস্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত থকা আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত এক চুৰিকাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰাপ্ত বাতৰি মতে শাৰীৰিকভাৱে অসুস্থতাৰ হেতু দীৰ্ঘদিন কৰ্তব্যত উপস্থিত থাকিব নোৱাৰা আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰ টিত পূৰ্বে কৰ্মৰত এগৰাকী শিক্ষা স্বেচ্ছাসেৱিকা(EV)ৰ কোঠাৰ তলা খুলি তেওঁৰ চুটকেছত থকা সোণৰ আ-অলংকাৰ আৰু নগদ ধন সহ চুটকেছটো কোনো লোকে চুৰি কৰি নিয়ে ।

ভুক্তভোগী শিক্ষা স্বেচ্ছাসেৱিকাগৰাকীয়ে তেওঁৰ অনুপস্থিতিত তেওঁৰ কোঠাৰ দুৱাৰৰ তলা খুলি সামগ্ৰী সৰবৰাহ কৰা দুজন ব্যক্তি ক্ৰমে নৈশ চকীদাৰ আৰু কেয়াৰটেকাৰ গৰাকীৰ নাম সহ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰটোত কৰ্মৰত সকলোৰে নাম সন্নিবিষ্ট কৰি ৰবিবাৰে ইটাচালি টাউন আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছত ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে চুৰি হোৱা আ- অলংকাৰ অথবা সা সামগ্ৰী খিনি উদ্ধাৰ হোৱা নাই।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version