Site icon Guwahati Times

টিহুত অনুষ্ঠিত নমো কৃষক সন্মান দিৱস কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি নলবাৰীৰ টিহুত অনুষ্ঠিত নমো কৃষক সন্মান দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নলবাৰী জিলা কৃষক মৰ্চাৰ উদ্যোগত আৰু টিহু মণ্ডল সমিতিৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী শ্ৰীদাসে ৭গৰাকী কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰে। ইপিনে মন্ত্ৰীগৰাকীয়ে টিহু দৈনিক বজাৰৰ নতুনকৈ নিৰ্মান হ’বলগীয়া বজাৰগৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। এই বজাৰ গৃহটোৱে অনাগত দিনত বজাৰখন সুশৃংখল ৰূপত পৰিচালনা কৰাত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ টিহু নগৰত পুনৰ নিৰ্মাণ কৰি থকা ৰাজহুৱা শ্মশানখনৰ কাম-কাজৰো অগ্ৰগতিৰ বুজ লয়।
Exit mobile version