Site icon Guwahati Times

কেতিয়াৰ লৈ থাকিব চকা বন্ধ, কি ক’লে মটৰ পৰিবহণ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই?

মটৰ পৰিবহন সন্থাৰ অনিৰ্দিষ্টকালীন চকাবন্ধ। বিপদ পৰিছে সাধাৰণ যাত্ৰীসকল। বাছ-ট্ৰেকাৰ বন্ধ হোৱাৰ ফলত বাছ ষ্টেণ্ডত ভিৰ যাত্ৰীসকল। কিন্তু কিয় পৰিবহন সন্থাই ল’লে এই সিদ্ধান্ত।

এক সাক্ষাতকাৰত মটৰ পৰিবহন সন্থাৰ সভাপতি ৰাতুল শৰ্মাই কয় যে ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে লক ডাউন আৰু যাতায়াত বন্ধৰ বাবে তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে মটৰ পৰিবহন সন্থা। প্ৰায় ৫ মাহে বাছৰ চলাচল বন্ধ হৈ থকাত বেংকৰ ঋণ পৰিশোধ কৰাকে ধৰি শ্ৰমিকৰ পাৰিশ্ৰমিক দিয়াকে ধৰি অসুবিধাত পৰিছিল মালিকসকল।

কিন্তু পৰিস্থিতি অলপ উন্নত হোৱাত ৰাজ্য চৰকাৰৰ নিৰ্দেশমতে ৫০ শতাংশ যাত্ৰীৰে বাছৰ চলাচল হৈছিল কিন্তু পূৰ্বৰ দৰেই ভাড়া হোৱাৰ বাবে পুনৰ অসুবিধাৰ সন্মুখীন হ’ল মালিক সন্থা। পেট্ৰল-ডিজেলৰ খৰচকে ধৰি অত্যাবশ্যকীয় ব্যয়ৰ উপাৰ্জনো নোহোৱাত চৰকাৰক স্মাৰক দিয়ে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে।

ইয়াৰ পাছতে কৰ হ্ৰাসকে ধৰি যাত্ৰীৰ ভাৰা ১০০ শতাংশ বৃদ্ধি কৰাৰ দাবীত মটৰ পৰিবহন সন্থাই অনিৰ্দিষ্ট কাললৈ চকা বন্ধৰ আহ্বান জনায়। সোমবাৰৰ পৰা চলি থকা এই বন্ধৰ আজি ২য় দিন। আজিও বাছ আস্থানত যাত্ৰীৰ ভিৰ দেখিবলৈ পোৱা গৈছে।

Exit mobile version