Site icon Guwahati Times

১০ টনতকৈ অধিক সোণ, ১৫৯০০ কোটি নগদ ধন… তিৰুপতি মন্দিৰৰ সম্পত্তিৰ তালিকা দেখি হতভম্ব হ’ব আপুনি

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ভেংকটেশ্বৰ মন্দিৰৰ ট্ৰাষ্ট তিৰুমালা তিৰুপতি দেৱস্থানম (TTD)য়ে এখন শ্বেতপত্ৰ প্ৰকাশ কৰি মন্দিৰৰ নামত থকা সম্পত্তিৰ হিচাপ দিয়ে।

ফিক্সড ডিপ’জিট আৰু সোণৰ ডিপ’জিটকে ধৰি সম্পত্তিৰ যি তালিকা টিটিডিয়ে প্ৰকাশ কৰিছে, সেই অনুসৰি মন্দিৰটোৰ সম্পত্তিৰ মূল্য হৈছে ২.২৬ লাখ কোটি। মন্দিৰটোৰ নামত জমা আছে ১০.৩ টন সোণ, যাৰ মূল্য ৫,৩০০ কোটিতকৈ অধিক আৰু ইয়াৰ নগদ ধন জমা আছে ১৫,৯৩৮ কোটি।

টিটিডিৰ কাৰ্যবাহী বিষয়া এভি ধৰ্ম ৰেড্ডীয়ে জনোৱা অনুসৰি, মন্দিৰ ট্ৰাষ্টৰ সম্পত্তি ২.২৬ লাখ কোটিলৈ বৃদ্ধি পাইছে। ৰেড্ডীয়ে কয়– “২০১৯ চনত বিভিন্ন বেংকত ফিক্সড ডিপ’জিটৰ ৰূপত টিটিডিৰ বিনিয়োগ আছিল ১৩,০২৫ কোটি, যি এতিয়া ১৫,৯৩৮ কোটিলৈ বৃদ্ধি পাইছে। যোৱা তিনি বছৰত বিনিয়োগ ২,৯০০ কোটি বৃদ্ধি পাইছে।”

ট্ৰাষ্টে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৯ চনত টিটিডিৰ ৭৩৩৯.৭৪ টন সোণ জমা হৈছে আৰু যোৱা তিনি বছৰত ২.৯ টন সোণ সংযোজন কৰা হৈছে। মন্দিৰৰ সম্পত্তিৰ ভিতৰত সমগ্ৰ ভাৰততে ৭,১২৩ একৰ মাটিত বিস্তৃত ৯৬০টা সম্পত্তি অন্তৰ্ভুক্ত আছে।

আনহাতে, এই পত্ৰতে টিটিডিৰ অধ্যক্ষ আৰু ব’ৰ্ডে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ ছিকিউৰিটিজত উদ্বৃত্ত ধন বিনিয়োগ কৰাৰ সিদ্ধান্ত লোৱা বুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা বাতৰি অস্বীকাৰ কৰে। ট্ৰাষ্টে কয়– “শ্ৰীভাৰীৰ ভক্তসকলক অনুৰোধ কৰা হৈছে যে এনে ষড়যন্ত্ৰমূলক মিছা অপপ্ৰচাৰ বিশ্বাস নকৰিব। টিটিডিয়ে অতি স্বচ্ছভাৱে বিভিন্ন বেংকত নগদ ধন আৰু সোণ জমা কৰিছে।”

Exit mobile version