Site icon Guwahati Times

ত্রিপুৰাত টিএমচিৰ নেত্রী ছায়োনি ঘোষক গ্রেপ্তাৰ

তৃণমূল কংগ্রেছৰ নেত্রী তথা বাংলা অভিনেত্রী ছায়োনি ঘোষক ত্রিপুৰাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ত্রিপুৰাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ছায়োনি ঘোষক বিজেপিৰ কর্মীয়ে আক্রমণ কৰা বুলি তৃণমূল কংগ্রেছে দাবী কৰিছে৷ তৃণমূল কংগ্রেছৰ এই অভিযোগ খণ্ডন কৰি বিজেপিয়ে প্রকাশ কৰিছে যে মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱৰ পথৰ দাঁতিত হৈ থকা সভাত ব্যাঘাত জন্মোৱাৰ বাবেই ছায়োনি ঘোষক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ছায়োনি ঘোষক গ্রেপ্তাৰক লৈ ত্রিপুৰাৰ শাসকীয় বিজেপি আৰু পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্রেছৰ মাজত তীব্র বাকযুদ্ধ চলিছে৷ তৃণমূল কংগ্রেছে প্রকাশ কৰা মতে পশ্চিম আগৰতলা মহিলা আৰক্ষী থানাত বিজেপিৰ কর্মীয়ে পশ্চিমবংগ তৃণমূল যুৱ কংগ্রেছৰ সভাপতি ছায়োনি ঘোষ আৰু তৃণমূল কংগ্রেছৰ নেত্রী সাংসদ সুস্মিতা দেৱ, কুণাল ঘোষ আৰু সুবল ভৌমিকক আক্রমণ কৰিছে৷ বিজেপি কর্মীৰ আক্রমণত ছয় তৃণমূল কংগ্রেছৰ কর্মী আহত হৈছে৷ গুৰুত্বপূর্ণ যে ছায়োনি ঘোষসহ তৃণমূল কংগ্রেছৰ নেতাক পূব আগৰতলা মহিলা আৰক্ষী থানাই আটক কৰি নিয়াৰ পিছতেই বিজেপিৰ কর্মীয়ে থানাৰ ভিতৰত আক্রমণ কৰে৷ এই অভিযোগ খণ্ডন কৰি বিজেপিয়ে তৃণমূল কংগ্রেছৰ হতাশাৰ ৰাজনীতি বুলি দাবী কৰিছে৷ গুৰুত্বপূর্ণ যে থানাৰ ভিতৰত তৃণমূল কংগ্রেছৰ নেত্রীক আক্রমণত অচিনাক্ত দুর্বৃত্ত জড়িত বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷

Exit mobile version