TORCH RALLY IN GOHPUR. — Guwahatitimes.com

TORCH RALLY IN GOHPUR.

গহপুৰৰ টকৌবাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ দৰে গহপুৰৰ টকৌবাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টকৌবাৰীৰ সচেতন যুৱ সমাজে ।প্ৰায় ৩ কিঃমিঃ জোঁৰ সমদলেৰে পদযাত্ৰা কৰি নৰেন্দ্ৰ মোদী গ’বেক, জাতিদ্ৰোহী সৰ্বানন্দ সোণোৱাল হুছিয়াৰ, বিদেশী হুচিয়াৰ আদি বিভিন্ন শ্লো’গানেৰে আকাশ বতাহ কঁপাই তোলে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিমাতী কইনা আখ্যা দিয়াৰ সমান্তৰালভাৱে গহপুৰৰ বিধায়ক উৎপল বৰাক বিধেয়ক খনৰ বিৰোধিতা কৰিবলৈ দাবী জনায়। Madhab Sarmah report, Gohpur.

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!