অসমৰ জোঁৱাই হ’ল জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়া,সামাজিক মাধ্যমত ভাইৰেল ফটো
- তুষাৰক বগা আৰু ত্ৰিবেণীক ৰঙা ৰঙৰ পোছাক পিন্ধি ৰোমান্টিক ভংগীমাত ফটো উঠা দেখা গৈছে। তুষাৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে বিবাহৰ ফটো।
- তুষাৰ কালিয়া! নামেই যাৰ পৰিচয়। বলীউদৰ জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তথা Khatron Ke Khiladi 12 ৰ বিজয়ী তুষাৰ কালিয়াই বিবাহপাশত আৱদ্ধ হৈছে।
- তুষাৰে তেওঁৰ প্ৰেমীকা ত্ৰিবেণী বৰ্মনৰ পাণি গ্ৰহণ কৰে । ত্ৰিবেণী বৰ্মন হৈছে অসমীয়া জীয়ৰী লগতে পেছাত এগৰাকী মডেল। ত্ৰিবেণীয়ে ২০১৭ চনত ফেমিনা মিছ ইণ্ডিয়া অসম জিকিছিল।
- তুষাৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ত্ৰিবেণীৰ সৈতে তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতিৰ ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰিছে। ফটো শ্বেয়াৰ কৰি তুষাৰে লিখিছে- Blessed
- আনহাতে, তুষাৰক বগা আৰু ত্ৰিবেণীক ৰঙা ৰঙৰ পোছাক পিন্ধি ৰোমান্টিক ভংগীমাত ফটো উঠা দেখা গৈছে , আৰু সেই ফটো তুষাৰে তেওঁৰ ইনষ্টাগ্ৰামত একাউন্টত শ্বেয়াৰ কৰিছে।
- ইয়াৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তুষাৰ–ত্ৰিবেণীৰ বিয়াৰ মুহুৰ্তৰ ফটোবোৰ।
- তুষাৰে দুটা চিজনৰ বাবে ‘ঝলক দিখলা যাত’ কোৰিঅ’গ্ৰাফাৰ হিচাপে অংশগ্ৰহণ কৰিছে। তেওঁ ‘ইণ্ডিয়াজ গট টেলেণ্ট’ আৰু ‘ডান্স দিৱানে’ ৩ ৰ দৰে অনুষ্ঠানৰ বিচাৰ কৰিছে।
- আনহাতে তুষাৰে ৰোহিত চেট্টীৰ দ্বাৰা পৰিচালিত শ্ব’ Khatron Ke Khiladi 12 বিজয়ী হৈছে।
- এতিয়া তুষাৰৰ বিয়াৰ খবৰ পাই সকলো অনুৰাগী উৎফুল্লিত হৈ পৰিছে। সকলোৱে অভিনন্দন জনাইছে তুষাৰ-ত্ৰিবেণীক ।
