26.1 C
Assam
Thursday, August 18, 2022

Featured News

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ফণী শৰ্মাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি

Assamese Newsতেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ফণী শৰ্মাৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি

নিউজ ব্যুৰ’,নগাঁও,১আগষ্ট :– অসমীয়া নাট্যজগতৰ পুৰোধা নটসূৰ্য ফণী শৰ্মাৰ ৰবিবাৰে ৫২ সংখ্যক স্মৃতি দিৱসত তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত মহীৰূহগৰাকীৰ অমূল্য অৱদান সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানটোত বিশ্ববিদ্যালয় চৌহদৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সন্মুখত থকা ফণী শৰ্মাৰ আবক্ষ মূৰ্তিত পুৱাই বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি বিভাগৰ সমূহ অধ্যাপক,কৰ্মচাৰী তথা শিক্ষাৰ্থীয়ে প্ৰথিতযশা শিল্পীজনে অসমৰ সামাজিক-সাংস্কৃতিক জীৱনলৈ আগবঢ়াই যোৱা চিৰসেউজ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰে । উল্লেখ্য যে তেজপুৰৰ ঐতিহাসিক বাণ ৰঙ্গমঞ্চৰ দ্বাৰ-ৰক্ষী হিচাপে নাট্যশালাৰ জীৱন আৰম্ভ কৰা ফণী শৰ্মাই অসমীয়া চলচিত্ৰ আৰু নাট্যজগতলৈ অশেষ অৱদান আগবঢ়াই পৰৱৰ্তী প্ৰজন্মলৈ পথ প্ৰদৰ্শন কৰি থৈ গৈছে । ফণী শৰ্মাই ১৯২৮ চনত ”ৰাণা প্ৰতাপ” নাটকত ”আকবৰ”ৰ চৰিত্ৰত প্ৰথমবাৰৰ বাবে অভিনয়ৰ সুযোগ লাভ কৰে। অসমীয়া নাট্যজগতৰ প্ৰতি ফণী শৰ্মাৰ অৱদানক সন্মান জনাই তেখেতক ১৯৫০ চনত জ্যোতি প্ৰসাদ আগৰৱালাৰ সভাপতিত্বত বহা এক সাংস্কৃতিক সন্মিলনত ”নটসূৰ্য” উপাধিৰে বিভূষিত কৰা হয়। অসমৰ নাটজগতত এক বিপ্লৱৰ সৃষ্টি কৰা ফণী শৰ্মা ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতেও জড়িত আছিল ৷ তেখেতে বহুকেইখন যুগজয়ী নাটকত অভিনয় কৰাৰ লগতে কেইবাখনো নাটক পৰিচালনাও কৰিছিল ।


১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ”জয়মতী”ত গাঁঠি হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰা নটসূৰ্য ফণী শৰ্মাই ১৯৪৮ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে ”চিৰাজ’’ নিৰ্মাণৰ পিছত ১৯৫৫ চনত ‘’পিয়ঁলি ফুকন’’ত অভিনয় আৰু পৰিচালনাৰে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত অনবদ্য বৰঙণি আগবঢ়ায় । তদুপৰি, তেখেতৰ সৃষ্টিৰাজিত অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা, অসমীয়া জাতি আৰু সংস্কৃতিৰ পৰিচয় প্ৰতিফলিত হৈছিল আৰু সেইবাবেই অসমৰ নাট্য জগতত তেখেতৰ সৃষ্টিৰাজি চিৰদিন যুগমীয়া হৈ থাকিব ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: