Site icon Guwahati Times

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে ডাঃ মানিক সাহাৰ শপত গ্ৰহণ

জ্যেষ্ঠ বিজেপি নেতা ডাঃ মানিক সাহাই আজি ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আগৰতলাৰ স্বামী বিবেকানন্দ খেলপথাৰত আয়োজিত এটা উৎসৱমুখৰ অনুষ্ঠানত ত্ৰিপুৰাৰ ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্যই ডাঃ সাহাক একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোৱায় ।
শপত গ্ৰহণৰ এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্রেম সিং টামাং, কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যমন্ত্ৰী প্ৰতিমা ভৌমিক, বিজেপিৰ ৰাজ্যসভাৰ সাংসদ বিপ্লৱ কুমাৰ দেব আৰু পূব ত্ৰিপুৰা লোকসভা সমষ্টিৰ সাংসদ ৰেৱতী ত্ৰিপুৰাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ মন্ত্ৰীসভাত স্থান পোৱা আন ৯ গৰাকী বিধায়কেও আজি শপত গ্ৰহণ কৰে। এইসকলৰ ভিতৰত ৰতনলাল নাথ, প্রাণজিৎ সিং ৰয়, শান্তনা চাকমা, সুশান্ত চৌধুৰী, সুধাংশু দাস, টিংকু ৰায়, বিকাশ দেৱবৰ্মা আৰু সহযোগী দল আই পি টি এফৰ বিধায়ক শুক্লাচৰণ নোৱাটিয়াও আছে।
Exit mobile version