Site icon Guwahati Times

বহিঃৰাজ্যৰ ট্ৰাকচালকৰ সংস্পৰ্শত আহিছিল গুৱাহাটীৰ কৰ’না ৰোগী

গুৱাহাটীৰ ফাঁচী বজাৰ এলেকাত ক’ভিড-১৯ আক্ৰান্ত লোককেইজন বহিঃৰাজ্যৰ ট্ৰাক চালকৰ সংস্পৰ্শলৈ অহাৰ কথা পোহৰলৈ আহিছে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি সোমবাৰে ক’ভিড-১৯ ধৰা পৰা মুংৰু চাহানীকে ধৰি আলুৰ গুদামত কাম কৰা লোকসকল বহিঃৰাজ্যৰ পৰা অহা ট্ৰাক চালক বা হেণ্ডিমেনৰ সংস্পৰ্শলৈ আহিছিল।

ইপিনে, বুধবাৰে নতুনকৈ চিনাক্ত হোৱা পোন্ধৰজন আক্ৰান্তৰ ভিতৰত আছে এজন নাপিত আৰু এজন গাড়ী চালক । মহানগৰীৰ কুমাৰপাৰা অঞ্চলত বাস কৰা নাপিতজনৰ দোকান ফাঁচী বজাৰৰ ৰাজকমল হোটেলৰ তলত তথা গুদামটোৰ কাষতে আছিল । লকডাউনৰ নিয়ম উলংঘা কৰি তেওঁ চুলি-দাড়ি কাটিছিল। গুৱাহাটীৰ শান্তিপুৰৰ বাসিন্দা এজন গাড়ীচালকো ক’ভিড-১৯ ত আক্ৰান্তসকলৰ তালিকাত আছে । মুংৰু চাহানীৰ প্ৰথমাৱস্থাত জ্বৰ হোৱাত তেওঁক গাড়ীৰে হাস্পতাললৈ নিছিল চালকজনে ।

একেটা দিনতে পোন্ধৰজনকৈ লোকৰ গাত ক’ভিড-১৯ ধৰা পৰা ঘটনাই স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে গুৱাহাটীবাসীক ।

Exit mobile version