প্ৰতিবছৰ মহাশিৱৰাত্ৰি উৎসৱ জাকজমকতাৰে পালন কৰা হয়। এইবাৰ ২৬ ফেব্ৰুৱাৰীত পালন কৰা হ’ব মহাশিৱৰাত্ৰি। ফাগুন মাহৰ কৃষ্ণ চতুৰ্থদশীত পালন কৰা হয় মহাশিৱৰাত্ৰি।
এই দিনটোত ভক্তসকলে ভগৱান শিৱ আৰু পাৰ্বতী দেৱীক পূজা কৰি আশীৰ্বাদ বিচাৰে। দিনজোৰ উপবাস পালন কৰে। অৱশ্যে ব্ৰতে যথেষ্ট নহয়, প্ৰথমে এই দিনটোত কি কৰিব আৰু কি নকৰিব জানি লওক।
ত্ৰয়োদশীত মহা শিৱৰাত্ৰীৰ আগদিনা শিৱৰ পূজা কৰিবলৈ এবাৰ খাদ্য গ্ৰহণ কৰিব লাগে।
উপবাসৰ দিনত ভক্তসকলে পুৱা সোনকালে শুই উঠিব লাগে। গা ধুই নতুন কাপোৰ পিন্ধিব লাগিব। পূজাৰ পিছত সাত্ত্বিক খাদ্য যেনে ফল-মূল, গাখীৰ, দুগ্ধজাত সামগ্ৰী, শিপাৰ শাক-পাচলি আদি খাব লাগে। শিৱ পূজা কৰাৰ আগতে শিৱলিংগক পানী, গাখীৰ, কেশৰ, মৌ, গংগাজলেৰে স্নান কৰক। চাকি-ধূপ জ্ৱলাব লাগে।
উপবাসৰ সময়ত দাইল ধৰণৰ খাদ্য খাব নালাগে। ভগৱান শিৱক নাৰিকল অৰ্পণ কৰিব লাগে কিন্তু কেতিয়াও নাৰিকল পানী আগবঢ়াব নালাগে।
ভগৱান শিৱক আগবঢ়োৱা কোনো বস্ত গ্ৰহণ কৰিব নালাগে। ইয়াৰ ফলত দুৰ্ভাগ্য সৃষ্টি হয় বুলি কোৱা হয়। এই পূজাৰ সময়ত ভক্তসকলে কেতিয়াও সেন্দূৰৰ ফোট ব্যৱহাৰ কৰিব নালাগে আৰু চন্দন ব্যৱহাৰ কৰিব লাগে।
ভগৱান শিৱক কেতিয়াও কেতেকী ফুল আৰু চম্পা ফুল আগবঢ়াব নালাগে। এইবোৰ অভিশপ্ত বুলি বিশ্বাস কৰা হয়। উপবাসৰ সময়ত অতিৰিক্তি চাহ বা কফি খাব নালাগে।
মহাশিৱৰাত্ৰি পূজাৰ সময়ত ভগৱান শিৱক বেলপাত, ধুতুৰা ফল, কেঁচা চাউল, গাখীৰ, দৈ, চন্দন, ঘিউ আৰু পানী অৰ্পণ কৰিব লাগে। সফলতা, সমৃদ্ধি, শান্তি আৰু সুখৰ আশীৰ্বাদ লাভ কৰিবলৈ এইবোৰ ভগৱান শিৱক আগবঢ়োৱা হয়।
মহাশিৱৰাত্ৰি পূজাৰ সময়ত শিৱলিংগক ফুল আৰু বেলপাতেৰে সজাই ভাং, ফল-মূল, মৌ, ঘিউ, মিঠাই আৰু গাখীৰ ভগৱান শিৱক অৰ্পণ কৰক। ইফালে মহাশিৱৰাত্ৰিৰ সন্ধিয়া মানুহ মন্দিৰত গোট খাই শিৱলিংগ পূজা কৰে। তেওঁলোকে চাকি জ্বলাই, গোটেই ৰাতি মন্দিৰত কটায়, আৰু ভগৱান শিৱ আৰু পাৰ্বতীৰ দৰ্শনীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

