23.6 C
Assam
Sunday, September 25, 2022

Featured News

ওদালগুৰিত ঘৰে ঘৰে তিৰংগা পতাকাৰ উদ্দেশ্যেৰে বাইক ৰেলী

Assamese Newsওদালগুৰিত ঘৰে ঘৰে তিৰংগা পতাকাৰ উদ্দেশ্যেৰে বাইক ৰেলী

এইবেলি ৭৫ তম স্বাধীনতা দিৱসটি অমৃত মহোৎসৱ হিচাপে ঘৰে ঘৰে তিৰংগা পতাকা তথা হ‍্যাৰ ঘৰ তিৰংগা অভিযানেৰে সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান জনাইছে‌। সেই উপলক্ষে সমাগত দিৱসটিৰ লগত সংগতি ৰাখি ঘৰে ঘৰে তিৰংগা পতাকাৰ সজাগতা তথা ৰাইজৰ মাজত দেশপ্ৰেম,জাতীয়তাবোধ অধিক বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ঘোষণা মৰ্মে আজি বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীত তান্তিৰ নেতৃত্বত প্ৰায় দুই শতাধিকত কৈয়ো অধিক যুৱক-যুৱতীৰে ওদালগুৰি জিলাৰ নালাপাৰাৰ পৰা আৰম্ভ কৰি বৃহত্তৰ পানেৰী সমষ্টি আৰু ওদালগুৰি সমষ্টিৰ বিভিন্ন অঞ্চলৰ মাজেৰে গৈ ঘাগ্ৰাত অন্ত পেলায়।

 

স্বাধীনতাৰ এই অমৃত মহোৎসৱটো সকলোৱে সন্মান সহকাৰে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ জৰিয়তে দিৱসটোক উদযাপন কৰিবলৈ সকলোকে আহ্বান জনাই সঞ্জীত তান্তীয়ে। আনহাতে স্বাধীনতা দিৱস উদযাপনৰ পাছত যাতে জাতীয় পতাকাখনৰ কোনো ধৰণৰ অৱহেলিত তথা য’ত ত’ত ৰাস্তা পদূলিয়ে পৰি নাথাকে তাৰ প্ৰতি সকলোকে দৃষ্টি ৰাখিবলৈ বিশেষকৈ অনুৰোধ জনায়। ইপিনে বিৰোধী ৰাজনৈতিক দলসমূহে তেওঁলোকৰ সামাজিক মাধ্যমৰ প্ৰফাইলত জাতীয় পতাকাৰ সৈতে জৱাহৰলাল নেহৰুৰ ফটো সংযুক্ত কৰি ৰখাৰ লগতে হ‍্যাৰ ঘৰ তিৰংগা শ্লোগানৰ সলনি স্বাধীনতাৰ গৌৰৱ যাত্ৰা নামেৰে নিজাববীয়াকৈ নামাকৰণ কৰা এনে কাৰ্য্যবোৰ সাধাৰণতে বিৰোধীৰ কামেই বুলি কয় সঞ্জীত তান্তীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: