Site icon Guwahati Times

ওদালগুৰিৰ কৃষক দীপক মেধিৰ ২০ বিঘা কৃষি ভূমিত কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰীক্ষামুলক সৰিয়হৰ খেতি

উত্তৰ খৃষ্টানপাৰা উদীয়মান কৃষক দীপক মেধিৰ প্ৰায় ২০ বিঘা কৃষিভূমিত ওদালগুৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা যোগান ধৰা সৰিয়হৰ বীজ পৰীক্ষামূলক খেতি কৰি লাভান্বিত কৃষক দীপক মেধি |
কৃষক সকল নিৰ্ভৰশীল নিজৰ খেতিডৰাৰ ওপৰত | খেতি ভাল হোৱা মানে খেতিয়ক সকলৰ আয় বৃদ্ধি হোৱা | কিন্তু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় কৃষক সকল বহু সমস্যাত পৰা পৰিলক্ষিত হয় | সময়ৰ বীজ সময়ত সিঁচিও লোকচানৰ সন্মুখীন হয় | ইয়াৰোপৰি জিলা কৃষি বিভাগৰ ফালৰ পৰাওঁ তেনে কোনো সহাঁৰি নোপোৱাৰ অভিযোগ উত্থাপন হয় | যাৰ বাবে কৃষকসকলে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰাৰ পৰা বঞ্চিত হৈ আহিছে |
ওদালগুৰি জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আৰু বিজেপি ওদালগুৰি জিলা কিষাণ মৰ্চাৰ উদ্যোগত উত্তৰ খৃষ্টানপাৰাৰ উদীয়মান যুৱ খেতিয়ক দীপক মেধিক প্ৰায় ২০ বিঘা কৃষি ভূমিত কেইমাহ পূৰ্বে জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা পৰীক্ষামূলক সৰিয়হ খেতি কৰাৰ বাবে বীজ যোগান ধৰাৰ লগতে কেনেদৰে এই খেতি কৰি লাভান্বিত হ’ব পাৰি তাৰ বাবে বুজাই দিছিল | কৃষি বিজ্ঞান কেন্দ্ৰৰ নিয়মমতেই খেতিয়ক দীপক মেধিয়ে সৰিয়হ খেতি কৰি যথেষ্ট সুখী বুলি মত প্ৰকাশ কৰে | আজি কৃষক সকলৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত কৃষক সকলক কেনেধৰণৰ খেতি কৰি অধিক লাভান্বিত হ’ব পাৰি তাৰ ওপৰত বিশেষভাৱে ভাষণ প্ৰদান কৰে ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়া সকল | ইয়াৰোপৰি ভূমি পৰীক্ষণ কৰাৰ বাবে ওদালগুৰিত সোনকালে ভূমি পৰীক্ষাগাৰ এটা নিৰ্মান কৰা হ’ব বুলি বিষয়া সকলে কৃষকসকলক অৱগত কৰে | আনহাতে যিকোনো ধৰণৰ কৃষি সম্পৰ্কীয় সমস্যা তথা বীজ যোগান ধৰাৰ বাবে খেতিয়ক সকলক ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায় | এই মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ মনোনীত পাৰিষদ অৰ্পনা মেধি,জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়া, বিজেপিৰ জিলা কিষাণ মৰ্চাৰ বিষয়ববীয়াৰ লগতে কৃষক সকল |
Exit mobile version