Site icon Guwahati Times

ওদালগুৰি ৰজাগড়ত উত্তৰ-পূৱ নাৰী সন্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত

গুৱাহাটীৰ উত্তৰ-পূৱ নাৰী সন্থাৰ উদ্যোগত ওদালগুৰি জিলাৰ ৰাজাগড় শ্বহীদ আদৰ্শ বিদ্যালয়ত ডাইবেটিছ ৰোগী সকলৰ বাবে বিনামুলীয়াকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়
বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ভয়াবহতাৰ ৰূপত বিয়পিছে ডাইবেটিছ ৰোগ | পিছে কিহৰ কাৰণে দৈনিক বৃদ্ধি পাবলৈ ধৰিছে ডাইবেটিছ ৰোগীৰ সংখ্যা | ভেজাল খাদ্য আৰু অতিমাত্ৰা চিন্তাত থকা ব্যক্তি সকল হে বিশেষকৈ ডাইবেটিছ ৰোগত আক্ৰান্ত হোৱা বুলি চিকিৎসকসকলৰ পৰা জানিব পৰা যায় |
গ্ৰাম্যাঞ্চলৰ লোক সকলৰ মাজত ডাইবেটিছ ৰোগৰ সজাগতা আৰু ডাইবেটিছ ৰোগত আক্ৰান্ত হোৱা ৰোগী সকলৰ বাবে ওদালগুৰি জিলাৰ ৰাজাগড় শ্বহীদ আদৰ্শ বিদ্যালয়ত গুৱাহাটীৰ পৰা অহা উত্তৰ-পূৱ নাৰী সন্থাৰ উদ্যোগত আৰু দিশপুৰস্থিত চান ভেলি হাস্পাতালৰ দক্ষ্য চিকিৎসকৰ তত্বাৱধানত বিনামুলীয়াকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় | স্বাস্থ্য শিবিৰত বিশেষকৈ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰি আৰু ডাইবেটিছ হলে কেনেকৈ নিৰাময় পাব পাৰি সেই বিষয়ে চিকিৎসকৰ দলে ৰোগী সকলক পৰামৰ্শ দিয়াৰ উপৰিও বিভিন্ন ধৰণৰ ভেজাল খাদ্য পৰিহাৰ কৰি সেউজীয়া শাক-পাছলি বেছিকৈ খাবলৈ আহ্বান জনায় |
উত্তৰ-পূৱ নাৰী সন্থাৰ সভানেত্ৰী সহ সংগঠনটোৰ অন্যান্য বিষয়ববীয়া সকলে ৰাজাগড়  ঠাইখনত এনেধৰণৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবলৈ পায় নথৈ আনন্দিত হোৱা বুলি মত-পোষণ কৰে | ইয়াৰোপৰি পানেৰীৰ বিশিষ্ট সমাজকৰ্মী বিকন ডেকাই উত্তৰ-পূৱ নাৰী সন্থা আৰু চান ভেলী হাস্পাতালৰ কৰ্তৃপক্ষক এনেধৰণ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি ৰাইজক স্বাস্থ্যৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে |
Exit mobile version