Site icon Guwahati Times

ওদালগুৰিৰ ৰজাগড়ত প্ৰথমবাৰৰ বাবে জলমগ্ন গাঁওবাসী

বানে বিধস্ত কৰিছে সমগ্ৰ অসম | জলমগ্ন হৈ আছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ লগতে ৰজাগড়বাসী ৰাইজ। ঘৰ-দুৱাৰ, খেতি-বাতি, পশুধন সকলো এতিয়া পানীৰ তলত | ৰাইজৰ অভিযোগ নালাপাৰা -দেওচুঙা সংযোগী পথটোত এটাও কালভাৰ্ট নোহোৱা বাবে বৰষুণৰ পানীয়ে বুৰাই পেলাইছে গাওঁখন | ভূটান সীমান্তৱৰ্তী পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজাগড়ত পূৰ্বতে কেতিয়াও হোৱা নাছিল বানপানী | এইবাৰ একেৰাহে ধাৰাষাৰ নেৰানেপেৰা বৰষুণৰ ফলত পানীত ডুবি আছে ৪ নং ৰজাগড় গাওঁখন । বিগত এসপ্তাহ ধৰি পানীৰ বাবে ওলাই আহিব পৰা নাই কেইবাটাও পৰিয়াল ।

বিধায়ক বিশ্বজিৎ দৈমাৰীৰ লগতে প্ৰশাসনৰ ফালৰ পৰা কোনো বিষয়ববীয়া উপস্থিত নোহোৱাত ক্ষোভ উজাৰিলে ভুক্তভোগী ৰাইজে।
সেয়েহে স্থানীয় জনপ্ৰতিনিধিক অতি শীঘ্ৰে পথটো ভালদৰে নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে।

Exit mobile version