স্বস্তিৰ নিশ্বাস! ‘ONGC’ৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিলে আলফাই

1 min read

গুৱাহাটীঃ অৱশেষত আলফা স্বাধীনে মুকলি কৰি দিলে অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক ৷ শনিবাৰে পুৱা ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ লংগুৱাত আলফা স্বাধীনে মুকলি কৰি দিয়ে ৰিতুল শইকীয়াক। ৰিতুল শইকীয়াই ম্যানমাৰৰ পৰা পদযাত্ৰা কৰি নাগালেণ্ডত উপস্থিত হয় ৷

বিগত ২১ এপ্ৰিলত শিৱসাগৰৰ লাকুৱাৰ তৈলক্ষেত্ৰৰ পৰা আলফা সদস্যই অপহৰণ কৰিছিল ৰিতুলৰ লগতে আন দুজন কৰ্মচাৰীক। ২৪ এপ্ৰিলত নিৰাপত্তা বাহিনী আৰু অপহৰণকাৰীৰ মাজত হোৱা সংঘৰ্ষৰ পাছত  উদ্ধাৰ কৰা হৈছিল অপহৃত মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক। কিন্তু, অপহৰণকাৰীৰ জিম্মাতে থাকি যায় ৰিতুল। যাৰ ফলত চূড়ান্ত অনিশ্চয়তা আৰু দুশ্চিন্তাত দিন কটাবলগীয়া হয় ৰিতুলৰ পত্নী আৰু পিতৃ-মাতৃয়ে।

ইয়াৰ মাজতে পৰিয়ালটোক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰিতুলক উদ্ধাৰৰ বাবে চৰকাৰে পাৰ্যমানে চেষ্টা অব্যাহত ৰখা বুলি আশ্বাস দিয়ে ড০ শৰ্মাই।

ৰিতুলৰ কণমানি পুত্ৰ তথা দিশহাৰা পত্নী আৰু পিতৃ-মাতৃৰ মুখলৈ চাই অ’ এন জি চিৰ কৰ্মচাৰীজনক মুক্তি দিবলৈ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰিতুল শইকীয়া মুক্তি দি এক সদিচ্ছাৰ বাতাৱৰণ সৃষ্টি কৰিবলৈ পৰেশ বৰুৱাক আহ্বান জনায়।

অইল- অ’ এন জি চিৰ পৰা অসমৰ স্বাৰ্থত অধিক আদায় কৰাৰ যি প্ৰসংগ উত্থাপন হৈছে সেয়া মুখ্যমন্ত্ৰী হিতাপে ড০ শৰ্মাৰ হাতত এৰি দিবলৈ তেওঁ অনুৰোধ জনায়। তৈল প্ৰতিষ্ঠানসমূহে যাতে অসমৰ বাবে অধিক কাম কৰে তাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে।

তেওঁ কয় — “মুখ্যমন্ত্ৰী হিচাপে সেই দায়িত্ব মোৰ মূৰৰ ওপৰত এৰি দিয়ক। সেয়া আমাৰ দায়বদ্ধতা। এইক্ষেত্ৰতত অহা পাঁচ বছৰত আমাক সোঁৱৰাই দিয়াৰ প্ৰয়োজন নহ’ব।”

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ আহ্বানৰ প্ৰতি তাৎক্ষণিক সঁহাৰি জনায় আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। নিউজ লাইভৰ চীফ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইনৰ সৈতে হোৱা বাৰ্তালাপত বৰুৱাই কয় — “মুখ্যমন্ত্ৰীয়ে কোৱা কথা একান্তমনে শুনিলোঁ। সেয়ে মই শ্ৰদ্ধা সহকাৰে ক’ব খুজিছোঁ যে তেওঁৰ এইটো আবেদন নহয়, বস্তুনিষ্ঠ আহ্বান। য’ত এয়া মুখ্যমন্ত্ৰী হিচাপে দায়িত্বশীল আহ্বান কৰিছে।”

বৰুৱাই কয় যে শীঘ্ৰে ৰিতুল শইকীয়াক মুক্তি দিব বিদ্ৰোহী সংগঠনটোৱে। ইয়াৰ পাছতে আশাৰ ৰেঙণি দেখা পায় পৰিয়ালটোৰ সদস্যসকলে।

উল্লেখ্য যে ২০০৬ চনলৈকে ৰিতুলে ঘৰতে খেতি–বাতি কৰি আছিল৷ ২০০৬ চনত পুনেৰ এটা মাৰুতি কোম্পানীৰ ৱর্কশ্বপত মেকানিক হিচাপে যোগদান কৰে৷ ২০১৬ চনলৈ সেই কামত নিয়োজিত হৈ থকাৰ সময়তে ৰিতুলে ভায়েকক পঢ়াই–শুনাই মানুহ কৰাৰ লগতে দেউতাকৰো পেচমেকাৰ লগালে৷ ২০১৬ চনত আইটিআই পাছ কৰাৰ পিছত লাকুৱাৰ অ’ এন জি চিত নিম্নবর্গৰ সহায়ক (টেকনিকেল) হিচাপে কামত যোগদান কৰে৷

You May Also Like

More From Author