Site icon Guwahati Times

ওলকবি শীত কালীন অতি পুষ্টিকৰ পাচলি

ওলকবি শীত কালীন অতি পুষ্টিকৰ পাচলি।

পুষ্টিবিদ সকলৰ মতে_ ওলকবিত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম,পটাছিয়াম,মেগনেছিয়াম, ফাইবাৰ, ভিটামিন-এ,বি, চি, ই, কে আদি উপাদান পোৱা যায় ।

ইয়াৰ উপৰিও এণ্টি-অক্সিডেণ্ট আৰু কেৰোটিনো অধিক মাত্ৰাত পোৱা যায় । যি স্তন কেঞ্চাৰ,প্ৰষ্টেট কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।

ওলকবিৰ ডায়েবেটিছ প্ৰতিৰোধী গুণ থকাৰ বাবে ডায়েবেটিছ ৰোগীৰ উপকাৰী পাচলি।

অধিক মাত্ৰাত এণ্টি-অক্সিডেণ্ট থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

ওলকবিত থকা খাদ্য শক্তিয়ে দেহৰ দুৰ্বলতা নোহোৱা কৰে।

কলেষ্টৰলৰ পৰিমাণ সঠিক ভাৱে ৰাখি হৃদযন্ত্ৰ সুস্থ ৰখাত সহায় কৰে।

হাড়ৰ গঠন মজবুত কৰে।হাড় ঠুনুকা হোৱাৰ পৰা ৰক্ষা কৰে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।

হজম শক্তি বঢ়ায়।কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে।

চকুৰ দৃষ্টি শক্তি বঢ়াত সহায় কৰে।কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰে।

শৰীৰৰ ছাল নিমজ আৰু উজ্বল কৰে ।

ওলকবিত অধিক মাত্ৰাত জিংক পোৱা যায়। সেয়ে ডায়েৰিয়া ৰোগীক সুস্থ কৰি তোলাত ওলকবিয়ে সহায় কৰে।

{সংগ্ৰহিত}

Exit mobile version