Site icon Guwahati Times

বিশ্ব স্বাস্থ্য দিৱসত ইউমেটাৰৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা

 

বিশ্ব স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি ইউমেটাৰ আৰু সুৰক্ষা ডায়গ্নষ্টিকে অনুষ্ঠিত কৰিছে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ জয়ানগৰত অনুষ্ঠিত হয় এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। উল্লেখ্য যে এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা পিতৃ-মাতৃৰ লগতে ৬ৰ পৰা ১৫ বছৰীয়া শিশুক প্ৰদান কৰা হয়।

এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষাত শিশুৰ ক্ষেত্ৰত হিমগ্লবিন, শিশুৰ বৃদ্ধি-বিকাশৰ সমস্যা, ৰক্তচাপ পৰীক্ষা, মানসিক যত্নৰ ওপৰত সেৱা প্ৰদান কৰা হয়। লগতে অভিভাৱকৰ ক্ষেত্ৰত কলেষ্টৰেল, ক্ৰেটিনাইন, ব্লাড চুগাৰ, ওজন আৰু ৰক্তচাপ পৰীক্ষা কৰা হয়।

উল্লেখ্য যে ইউমেটাৰ হৈছে ট্ৰেঞ্জিচনেল কিণ্ডাৰগাৰ্টেন আৰু ডেকেয়াৰৰ লগতে বৃদ্ধৰ যত্ন, প্ৰশিক্ষণ প্ৰদান কৰা এক কেন্দ্ৰ।

এই কেন্দ্ৰত শিশুৰ বাবে থকা সুবিধাসমূহ হৈছে:

শিশুৰ যত্ন, খেলা আৰু শিক্ষণ, লালন-পালন আৰু সুস্থতাৰ কাৰ্য্যকলাপ, সামগ্ৰিক বিকাশৰ বাবে কাৰ্য্যকলাপ, শাৰীৰিক কাৰ্য্যকলাপ, স্বাস্থ্যসেৱাৰ সুবিধা, মৌলিক জীৱন দক্ষতা আৰু অভিভাৱকৰ পৰামৰ্শ, শিশুৰ পৰামৰ্শ, শাৰীৰিক চিকিৎসা, আৰ্ট থেৰাপী, মিউজিক থেৰাপী।

Exit mobile version