ৰহাত আজিও অব্যাহত প্ৰতিক্ৰিয়া_ ঘটনাৰ ৭২ঘন্টাৰ পাছতো মুখখোলা নাই অভিযুক্তই!

1 min read

নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ৰহাৰ খাইগড়ত যোৱা ২২ এপ্ৰিলত সংঘটিত হোৱা সন্দেহজনক অগ্নিকাণ্ডত এগৰাকী ১২বছৰীয়া বনকৰা কিশোৰীৰ মৃত্যু হোৱাৰ ৭২ ঘন্টাৰ পাছতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। বৃহস্পতিবাৰে খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰত চুমিলা ৰংহাংপী নামৰ ১২ বছৰীয়া বনকৰা কিশোৰীৰ ৰহস্যজনকভাৱে অগ্নিদগ্ধহৈ মৃত্যু হোৱাৰ পিচত বিভিন্ন দল সংগঠনে ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলি হত্যাকাৰীক চৰম শাস্তিৰ দাবী জনাই আহিছে। বনকৰা কিশোৰী চুমিলা ৰংহাংপীক মালিক প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ আৰু পুত্ৰ নয়নজ্যোতি বৰঠাকুৰে হত্যা কৰি জ্বলাই দিয়া বুলি অভিযোগ তুলিছে সংগঠনসমূহে! এই ঘটনাৰ সন্দৰ্ভত ৰহা আৰক্ষীয়ে ৰহা আৰক্ষী থানাত ৯৭/২১ নম্বৰত ৩০২, ১২০বি ধাৰাত এটা গোচৰ ৰুজু কৰি  অভিযুক্ত পিতা -পুত্ৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে যদিও দেওবাৰ পৰ্যন্ত অভিযুক্তই এই ঘটনাৰ কোনো স্বীকাৰ কৰা নাই।

ইপিনে দেওবাৰে বিয়লি আৰক্ষীয়ে প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ পত্নী ৰীণা বৰঠাকুৰকো জেৰাৰ আঁওতালৈ আনিছে। ইপিনে এই অমানৱীয় ঘটনাৰ সম্পৰ্কত প্ৰতিক্ৰিয়া অব্যাহত আছে। ঘটনাৰ  সন্দৰ্ভত আজি ৰহা আঞ্চলিক সাংবাদিক সন্থায়ো এই জঘন্য কাণ্ডৰ তীব্ৰ গৰিহণা দি ইয়াৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দাবী কৰাৰ লগতে শিশু আইন ভংগকাৰীক কঠোৰ শাস্তিৰ দাবীৰে জিলা উপায়ুক্তৰ দ্বাৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইদৰে দেওবাৰে ৰহাত সদৌ তিৱা ছাত্ৰ সন্থা, আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নৱ আলোক, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা,নগাঁও জিলা ট্ৰাইবেল সংঘ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ৰহা আঞ্চলিক সাংবাদিক সন্থা আদি জাতীয় সংগঠনৰ একাংশ প্ৰতিনিধিৰ এক যৌথ সভা অনুষ্ঠিত হয়।

উক্ত সভাত  অভিযুক্তৰ হৈ কোনো অধিবক্তাই যাতে সহযোগ নকৰে তাৰ বাবে অধিবক্তাসকলক যৌথ সভাই আহ্বান জনাইছে। লগতে অহা ২৮ এপ্ৰিলত ৰহাত এক কাৰ্যসূচীও ৰূপায়ণ কৰাৰ সিন্ধান্ত লয় যৌথ সভাই। কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় যে, প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ বাসগৃহৰ পাছফালে অতি ৰহস্যজনক ভাৱে অগ্নিদগ্ধহৈ মৃত্যুক সাৱতি লোৱা ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ জেৰাত এতিয়াও মুখ খোলা নাই অভিযুক্তই। আৰক্ষীয়ে যোৱা দুদিনৰ বাবে পুত্ৰ নয়নজ্যোতি বৰঠাকুৰক অধিক জেৰাৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মালৈ আনিছিল যদিও অভিযুক্তই কোনো মুখ নোখোলাত পুনৰ তিনিদিনৰ বাবে সোধপোচৰ বাবে আদালতৰ অনুমতি সাপেক্ষে আৰক্ষী জিম্মালৈ আনিছে বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে বাট চাইছে আৰক্ষীয়ে। তদুপৰি উক্ত ঘটনাৰ পাছত ৰহাৰ লগতে নগাঁও জিলাখনৰ বিভিন্ন লোকৰ ঘৰত বনকৰা হিছাপে ৰখা শিশু-কিশোৰ-কিশোৰীক অতিশীঘ্ৰে অভিভাৱকক চমজাই দিবলৈ বিভিন্ন দল সংগঠনে আহ্বান জনাইছে। কিন্তু অতিকৈ তাৎপৰ্যপূৰ্ণ বিষয়যে, শিশু সুৰক্ষা আয়োগৰ দৰে এটা শক্তিশালী আয়োগ থকাৰ পাছতো শিশু শ্ৰমিক সুৰক্ষাৰ নামত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈ লক্ষণীয়।

You May Also Like

More From Author