অসমত কোনো দিন নেদেখা দৃশ্য! হাতে হাতে দা-তৰোৱাল লৈ তিনিচুকীয়াৰ ৰাজপথত বজৰং দলৰ বাইক ৰেলী

1 min read

অসমত কোনো দিন নেদেখা এক দৃশ্য! বিজয়া দশমীৰ দিনাই তিনিচুকীয়াৰ ৰাজপথত দেখিবলৈ পোৱা গ’ল এক অদ্ভুত দৃশ্য। কোভিড প্ৰট’কলৰ লগতে প্ৰশাসনে দুৰ্গা পূজা উদযাপনৰ বাবে বান্ধি দিয়া নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই প্ৰায় ৭০ জনীয়া এটা যুৱকৰ দলে হাতে হাতে দা-তৰোৱাল লৈ মটৰ চাইকেলত ৰেলী উলিয়াই উত্তাল কৰি তোলে পৰিবেশ।

নিজকে বজৰং দলৰ সদস্য বুলি চিনাকি দিয়া যুৱকৰ দলটোৱে চোকা অস্ত্ৰলৈ চহৰ খনত চলাই তাণ্ডৱ। বজৰং দলৰ সদস্য সকলৰ এই কাণ্ডৰ ফলত শংকিত হৈ পৰে স্থানীয় লোক। কোনো ধৰণৰ অনুমতি নোলোৱাকৈ এনেদৰে সমদল বাহিৰ কৰা দলটোক পিছত আৰক্ষীয়ে বাধা দিবলৈ সক্ষম হয়। উল্লেখ্য যে, আৰক্ষীৰ জালত পৰা আটাইকেইজনেই অনা অসমীয়া লোক।

যুৱকৰ দলটোক আৰক্ষীৰ দলে হিজুগুৰি অঞ্চলত আগ ভেটি ধৰি উত্তম মাধ্যম দিয়ে। একাংশই যদিও পলাই যাবলৈ সক্ষম হয়, তথাপিও আৰক্ষীৰ জালত পৰে ৪ জন যুৱক। লগতে আৰক্ষীয়ে আটক কৰে তিনিখন মটৰ চাইকেল।উল্লেখ যোগ্য যে, নিজকে বজৰং দলৰ বুলি চিনাকী দিয়া এই যুৱকৰ দলটোৱে পুৱাৰে পৰা তিনিচুকীয়াৰ পথত চলাই আছিল তাণ্ডৱ।
Source: News 18

You May Also Like

More From Author