Site icon Guwahati Times

By election : শীঘ্ৰেই নিৰ্ণয় হ’ব ইউ পি পি এলৰ প্ৰাৰ্থী

ৰাজ্যৰ সমাগত উপ নিৰ্বাচনকলৈ ইউ পি পি এলে দলীয় প্ৰাৰ্থী বাচনিৰ বাবে দলৰ জ্যেষ্ঠ নেতা তথা বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ নেতৃত্বত পাঁচ জনীয়া এটি সমিতি গঠন কৰি দিছে ৷ বৃহস্পতিবাৰে কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰীস্থিত বডৌফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ইউ পি পি এলৰ কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে সমিতিখন গঠন কৰা হয় ৷

কাৰ্যনিৰ্বাহক সভাৰ অন্তত ইউ পি পি এলৰ সভাপতি তথা বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰি কয় যে, উক্ত সমিতিয়ে অহা ২/৩ দিন পিছত দলীয় প্ৰাৰ্থী নিৰ্ণয়ৰ প্ৰক্ৰিয়া সম্পন্ন কৰি দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৷ উল্লেখ্য যে, বডৌফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূূূচীৰে বৃহস্পতিবাৰে সম্পন্ন হোৱা ইউ পি পি এলৰ কাৰ্যনিবাহক সভাত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদান্ত গ্ৰহণ কৰা বুলি সদৰী কৰিছে প্ৰমোদ বড়োৱে ৷

লগতে কাৰ্যনিবাহক সভাত ইউ পি পি এল দলে তৃণমূল পৰ্যায়ত দলীয়ভাৱে সকলোৱে মিলিজুলি পূৰ্ণোদ্যোমে কাম কৰাৰ মানসিকতাৰে আগবাঢ়ি যাব বুলি কয় ৷ বড়োলেণ্ডত ৩২ লাখ জনতাক আগুৱাই নিয়াৰ হকে ইউ পি পি এল দলে কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয় ইউ পি পি এলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷

Exit mobile version