Site icon Guwahati Times

উৰ্বশী ৰৌতেলাক সোণ আৰু হীৰাৰ পোছাকেৰে সজালে আৰব শ্বেখসকলে! ভিডিঅ’ ভাইৰেল!

উৰ্বশী ৰৌতেলা। বলীউদৰ জনপ্ৰিয় মডেল। আইটেম ছঙো কৰিছে কেইবাটাও। অভিনয় জগতত এতিয়াও খুব একো কৰিব পৰা নাই। কিন্তু উৰ্বশী বিখ্যাত ষ্টাইল আৰু ফেশ্বনৰ বাবে। মডেলিং উৰ্বশীৰ প্ৰথম পছন্দ।

কিছুদিন পূৰ্বে আৰবলৈ ৰাওনা হৈছিল উৰ্বশী। তাৰ পৰা শ্বেখসকলৰ সৈতে ফটো পোষ্ট কৰিছিল। এজন শ্বেখে আকৌ নিজৰ পোহনীয়া সিংহ পোৱালিৰ নামো ৰাখিছে উৰ্বশী।

সেই পোৱালিটো কোলাত লৈ ভিডিঅ’ শ্বেয়াৰ কৰিছিল উৰ্বশী। সকলোৱে প্ৰশ্ন কৰিছিল তালৈ কিয় গৈছে উৰ্বশী? শ্বেখৰ সৈতে বান্ধিব নেকি ঘৰ! এনেকুৱা প্ৰশ্নও উটিছে। কিন্তু সেইবোৰ একো নহয়। উৰ্বশী গৈছিল আৰব কাউন্সিলৰ ফেশ্বন শ্ব’ত অংশগ্ৰহণৰ বাবে। তাত ৰাণী ক্লিঅ’পেট্ৰাৰ ৰূপত সজোৱা হৈছিল উৰ্বশীক।

হীৰা আৰু সোণেৰে তৈয়াৰী পোছাক দেহত। এই ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে উৰ্বশীয়ে নিজেই। ইনষ্টাগ্ৰামত খুব এক্টিভ উৰ্বশী। উৰ্বশীৰ এই ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈছে।

Exit mobile version