Site icon Guwahati Times

টীয়কৰ জাঁজী বৰা গাঁৱত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ।

চহা গ্ৰাম্য পৰিৱেশ উপস্হাপনেৰে ভেলা ঘৰ নিৰ্মাণ।

 

পদুলি মুখত অসমীয়া বাপতিসাহোন ভোগালী বিহু। মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলি ভোগালীক আদৰাৰ প্ৰস্তুতি। পিছ পৰি ৰোৱা নাই টীয়কৰ জাঁজী বামুনপুখুৰী বৰা গাঁৱৰ ৰাইজো। গাঁৱৰ ৰাইজে বাৰিৰ বাঁহ আৰু পথাৰৰ পৰা নৰা কাটি নিৰ্মাণ কৰাত লাগিছে ভেলা ঘৰ। গাঁৱৰ ডেকাহঁতে নিৰ্মাণ কৰি থকা ভেলাঘৰটিয়ে বৰ্তমান সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। আনহাতে,গাঁৱৰ ডেকা-বুঢ়া,জীয়ৰী-বোৱাৰী সকলোৱে ভেলঘৰৰ বাকৰিত একেলগে কামৰ মাজতে বিহু গীতত গাই নাচি আনন্দত আত্মহাৰা হৈ পৰিৱেশ জীপাল কৰি তুলিছে ।উল্লেখযোগ্য যে অসমীয়া চহা গ্ৰাম্য পৰিবেশক বিষয় বস্তু হিচাপে লৈ নিৰ্মাণ কৰা ভেলাঘৰৰটোত চহা অসমীয়াৰ জীৱন জীৱিকাত প্ৰয়োজনীয় বহু সামগ্ৰী যেনে নাঙল,মৈ,প’ল,খালৈ তাঁতশাল আদি প্ৰদৰ্শন কৰি নতুন প্ৰজন্মৰ লগত অসমীয়া চহা সমাজৰ পৰা ক্ৰমাত হেৰাই যাবলৈ উপক্ৰম হোৱা সেই সমূহ সামগ্ৰীক এক চিনাকি কৰিবলৈ প্ৰয়াস কৰিছে।ইতিমধ্য এই সকলোবোৰৰ প্ৰস্তুতিত ব্যস্ত গাৱঁৰ ৰাইজ।ইপিনে কাঠি কামিৰে কিদৰে বাঁহৰ আচবাব তথা বেৰ,গাধৈ,খৰাহি,চালনি আদি সাজি উলিয়াব পাৰি তাৰো প্ৰশিক্ষণ দিছে বিজ্ঞজনে।ইপিনে উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিতে পৰম্পৰা ৰক্ষা কৰি পাত মেজি দহন কৰি লগে ভাগে এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছে এইসকল ৰাইজে।সেয়ে এতিয়া এচামে যদি ভেলাঘৰ নিৰ্মাণ ব্যস্ত হৈ পৰিছে আকৌ আন এচামে উৰুকা নিশাৰ খোৱা বোৱাৰ ব্যৱস্থাত ব্যস্ত হৈ পৰিছে।লগতে ৰাতি আনন্দ সম্প্ৰীতিৰে ভোজ ভাত খাই পাছদিনা অৰ্থাৎ বিহুৰ দিনা পুৱা বুঢ়া মেজি নীতি নিয়মৰ দহন কৰি গাঁৱবাসীয়ে আশীৰ্বাদ গ্ৰহণ কৰাৰো দিহা কৰিছে।এইদৰেই আপোন ভোগালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত টীয়কৰ জাঁজী বামুণপুখুৰী বৰা গাঁৱৰ ৰাইজ।

Exit mobile version