Site icon Guwahati Times

১৫ দেশৰ ২১গৰাকী মহিলালৈ সাহসিকতাৰ বঁটা মার্কিন ফার্ষ্ট লেডীৰ

আমেৰিকাৰ ফার্ষ্ট লেডী ড০ জিল বাইডেনে ১৫খন দেশৰ ২১গৰাকী মহিলাক সাহসিকতাৰ সন্মান আগবঢ়ায় আন্তর্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি৷ এই মহিলাসকলৰ সাতগৰাকীয়েই হৈছে আফগানিস্তানৰ৷ আফগানিস্তানৰ এই সাত মহিলাক মৰণোত্তৰভাৱে আন্তর্জাতিক সাহসিকতা সন্মান আগবঢ়াইছে বাইডেনে৷

লক্ষণীয়ভাৱে দেশখনৰ বিদেশ দপ্তৰে বিভিন্ন ক্ষেত্রত সাহসিকতাৰ পৰিচয় দাঙি ধৰা এই মহিলাসকলক আন্তর্জাতিক নাৰী দিৱসত সন্মান জনাই কৈছে যে সাহসী মহিলাসকলে গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাত বিশেষ সহায় কৰিছে৷ সমাজৰ বাবে যুঁজত এই মহিলাসকলে নিজকে উৎসর্গা কৰা বুলিও বাইডেনে অভিহিত কৰিছে৷ ফার্ষ্ট লেডী জিল বাইডেনৰ মতে প্রতিখন দেশতে নিজৰ অধিকাৰ প্রতিষ্ঠা আৰু ন্যায় লাভৰ বাবে বহু মহিলাই সংগ্রাম অব্যাহত ৰাখিছে৷

Source- Niyomiyabarta

Exit mobile version