Site icon Guwahati Times

কোভাক্সিন আৰু কোভিশ্বিল্ড এতিয়াৰ পৰা বজাৰতো উপলব্ধ হ’ব !

কোভাক্সিন (Covaxin) আৰু কোভিশ্বিল্ড (Covishield) এতিয়াৰ পৰা বজাৰতো উপলব্ধ হ’ব। ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলে (DCGI) বৃহস্পতিবাৰে এই দুটা কোভিড ভেকচিন (Covid Vaccine)ক চৰ্তসাপেক্ষে বজাৰত বিক্ৰীৰ অনুমোদন দিছে। এক চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ। কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাৰ বিষয় বিশেষজ্ঞ সমিতিয়ে আগতে কিছুমান চৰ্ত সাপেক্ষে প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে এই কোভিড-19 ভেকচিনবোৰ নিয়মীয়া বজাৰত বিক্ৰীৰ অনুমোদন দিয়াৰ পৰামৰ্শ দিছিল।

অৱশ্যে বজাৰৰ অনুমোদনৰ অৰ্থ এইটো নহয় যে ভেকচিনবোৰ ফাৰ্মাচীবোৰতো উপলব্ধ হ’ব। মানুহে এতিয়া ব্যক্তিগত চিকিৎসালয় আৰু ক্লিনিকৰ পৰা কোভিশ্বিল্ড আৰু কোভাক্সিন ক্ৰয় কৰিব পাৰিব।

 

Exit mobile version