Site icon Guwahati Times

কি এই নিৰামিষ মাংসৰ ৰহস্য!

উদ্ভিদ-আধাৰিত মাংস হৈছে উদ্ভিদৰ পৰা তৈয়াৰ কৰা এক নিৰামিষ খাদ্য যাক মাংসৰ উপাদানসূহ অনুকৰণ কৰি উদ্ভদজাত সামগ্ৰীৰপৰা তৈয়াৰ কৰা হয়। উদ্ভিদৰ সহায়ত প্ৰস্তুত কৰা হয় বাবে সেইবোৰক উদ্ভিদ-আধাৰিত মাংস (plant based meat) বুলি কোৱা হয়।

নিৰামিষ মাংস যে কেৱল দেখাতহে প্ৰকৃত মাংসৰ দৰে তেনে নহয়। ইয়াৰ সোৱাদো ভাল। সেয়েহে বৰ্তমান সময়ত নিৰামিষ মাংসক লৈ বিশ্বজুৰি চৰ্চা হৈছে। অৱশ্যে, ভাৰতত ইয়াৰ জনপ্ৰিয়তাৰ আন এটা কাৰণো আছে। তাৰকা যুটি অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ‘ব্লু ট্ৰাইব’ নামৰ এটা উদ্ভিদ-আধাৰিত মাংস ব্ৰেণ্ডত বিনিয়োগ কৰিছে। তেওঁলোক দুয়োজনে জীৱ-জন্তু ভাল পায় আৰু তেওঁলোকে এটা ইনষ্টাগ্ৰাম ভিডিঅ’ৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰিছিল।

নিৰামিষ মাংস ভাৰতত জনপ্ৰিয় হৈ পৰিছে। যদিও নিৰামিষ মাংসৰ উৎপত্তি আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল, ই ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বিয়পি পৰে। নিৰামিষ অধিক জানো আহক-

নিৰামিষ মাংস কিহৰ দ্বাৰা তৈয়াৰ কৰা হয়?

নিৰামিষ মাংসক জন্তুৰ মাংসৰ এক স্বাস্থ্যসন্মত বিকল্প বুলি গণ্য কৰা হয়। পাচলিৰ প্ৰ’টিন, ঘেঁহুৰ গ্লুটেন বা ধনীয়া, বীন, ছয়া আৰু চাউলৰ দৰে উপাদানবোৰ সাধাৰণতে এনে ধৰণৰ মাংস তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। নিৰামিষ মাংসৰ সোৱাদ আৰু অবয়ব বৃদ্ধি কৰিবলৈ নাৰিকল তেল, মচলা আৰু ৰস নিষ্কাষিত বীটৰ দৰে উপাদান ব্যৱহাৰ কৰা হয়। এই বস্তুবোৰ নিৰামিষ মাংস তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় বাবে ই প্ৰকৃত মাংসতকৈ ব্যয়বহুল হয়।

নিৰামিষ মাংস স্বাস্থ্যকৰ নে?

ইয়াক কম পৰিমাণে খোৱা আৰু সন্তুলিত আহাৰৰ অংশ হিচাপে স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। নিৰামিষ মাংসৰ পুষ্টিগত পৰিমাণৰ বিষয়ে ক’বলৈ গ’লে ইয়াত অধিক প্ৰ’টিন, কম সংপৃক্ত চৰ্বি আৰু কম কলেষ্টেৰল থাকে। অৱশ্যে, নিৰামিষ মাংসত উচ্চ পৰিমাণৰ ছডিয়াম থাকে যি ইয়াক সুস্বাদু কৰাৰ লগতে Shelf life বৃদ্ধি কৰে। এইকাৰণেই নিৰামিষ মাংস সন্তুলিত পৰিমাণত খাব লাগে। ইয়াৰ অত্যাধিক সেৱনে আপোনাৰ শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি কৰিব, যাৰ ফলত ষ্ট্ৰোক আৰু উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি হ’ব।

ভাৰসাম্যই মূল কথা

যদি আমি নিৰামিষ মাংসক প্ৰকৃত মাংসৰ সৈতে তুলনা কৰোঁ, ইয়াত কোনো সন্দেহ নাই যে নিৰামিষ মাংস অধিক স্বাস্থ্যকৰ, কিন্তু ইয়াৰ ব্যৱহাৰৰ পৰিমাণ আৰু ভাৰসাম্য বজাই ৰখাটোৱেই মূল কথা।

ভেজ মাংসৰ লাভালাভ

জন্তুৰ মাংস হজম কৰা কঠিন। নিৰামিষ মাংসত সংপৃক্ত চৰ্বি আৰু কেলৰি কম থাকে।

 

Exit mobile version