Site icon Guwahati Times

[VIDEO] মঙলদৈ প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । তিনি সাংবাদিকক সম্বধৰ্না।

Watch Video
মঙলদৈ প্ৰেছ ক্লাৱৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । তিনি সাংবাদিকক সম্বধৰ্না।
মঙলদৈ : ১৫ নৱেম্বৰ : সাম্প্ৰতিক সময়ত বাতৰি কাকত পঢ়া মানুহৰ সংখ্যা বহুখিনি কমিছে ।কেৱল বাতৰি কাকতেই নহয় , কিতাপ আলোচনী পঢ়া লোকৰ সংখ্যাও কমিবলৈ ধৰিছে । এক কথাত মানুহে ক’লা আখৰ পঢ়া কমাই দিয়াত অসমীয়া ভাষাটোৰেই ক্ষতি হোৱাৰ আশংকাই দেখা দিছে । ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আজি মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত “সংবাদ পৰিবেশন ,তাৎপৰ্য অনুধাৱন—-এক যাত্ৰা ” শীৰ্ষক বক্তৃতানুষ্ঠাত নিৰ্দিষ্ট বক্তা হিচাবে ভাষণ প্ৰসঙ্গত এইদৰে মন্তব্য কৰে নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই । আনহাতে প্ৰেছ ক্লাবৰ সভাপতি আব্দুল খালেকৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠান উদ্বোধন কৰি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে সাংবাদিকে পৰিবেশন কৰা কিছুমান বাতৰিয়ে ৰাজনীতিকক সজাগ কৰি তোলে বুলি মন্তব্য কৰে । জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া , জিলা তথ্য আৰু জনসংযোগ বিষয়া মনিমালা গগৈ উপস্থিত থকা সভাখনত
জিলাখনৰ তিনি গৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় । প্ৰেছ ক্লাবৰ সম্পাদক মুকুট ৰাজ শৰ্মাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত সাপ্তাহিক মঙ্গল বাতৰি কাকতৰ সম্পাদক প্ৰশান্ত বৰুৱা , ‘দৈনিক জনমভূমি’ কাকতৰ মঙলদৈৰ সংবাদদাতা আছাদ আলী আৰু নিউজ লাইফৰ কেমেৰামেন তথা দক্ষ ফটো সাংবাদিক প্ৰাঞ্জল মহন্তক উষ্ম সম্বৰ্ধনা জনোৱা হয় ।উক্ত সভাতেই ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই মঙলদৈ প্ৰেছ ক্লাবলৈ এটি কম্পিউটাৰ ছেট আগবঢ়ায় । আনহাতে পূৱা অনুষ্ঠিত স্মৃতি তৰ্পন অনুষ্ঠান ত প্ৰেছ ক্লাবৰ উপ সভাপতি মদন বৰুৱা মুখ্য তৰ্পক হিচাপে স্মৃতি তৰ্পন কৰে।
staff Report GTM

Exit mobile version