Site icon Guwahati Times

ছচিয়েল মিডিয়াত ভাইৰেল নাগাৰা নামৰ এগৰাকী পাঠিকা

ছচিয়েল মিডিয়াত প্ৰতিদিনে বিভিন্ন ফটো বা ভিডিঅ’ ভাইৰেল হৈ থাকে। বিভিন্ন ধৰণৰ ভিডিঅ’ বা ফটো আমি ছচিয়েল মিডিয়াত প্ৰত্যক্ষ কৰো। যিবোৰ ভিডিঅ’ই মানুহৰ মন ভাল লগাই তোলে বা আনন্দ দিয়ে তেনে ভিডিঅ’বোৰ সাধাৰণতে ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে।

শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী যুৱতী। নাগাৰা নামৰ পাঠিকা এইগৰাকী যুৱতী কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

নাগাৰা নামত যুৱতীগৰাকীয়ে কৰা নৃত্য আৰু ভংগীমাৰ বাবে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’টো। বহু লোকে শ্বেয়াৰ কৰিছে এই ভিডিঅ’। ভিডিঅ’ত যুৱতীগৰাকীয়ে এটা বিয়ানামৰ সুৰত নৃত্য কৰা দেখা গৈছে। হাঁহি হাঁহি যুৱতীগৰাকীয়ে কৰা এই নৃত্যৰ ভিডিঅ’ এতিয়া বিয়পি পৰিছে ছচিয়েল মিডিয়াত।

Exit mobile version