Site icon Guwahati Times

দুবছৰ পূৰ্বে ওজন আছিল ৩১৭ কেজি; এতিয়া মাত্ৰ ৮৩ কেজি! জানো আহক কেনেকৈ কমালে ইমান ওজন?

মিচিচিপিৰ বাসিন্দা ক্ৰীষ্টিনা ফিলিপছৰ বয়স যেতিয়া বাইশ বছৰ আছিল, তেতিয়া তেওঁৰ ওজন আছিল সাতশ পাউণ্ড বা তিনিশ সোতৰ কিলোগ্ৰামতকৈও অধিক। বিশাল ওজনৰ বাবে তেওঁৰ ঘৰৰ বাহিৰলৈ ওলোৱা বন্ধ হৈ পৰিল। জীৱনত জীয়াই থকাটোও তেওঁৰ বাবে সন্দিহান হৈ পৰিল। কিন্তু তেওঁ হাৰ নামানিলে। মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়া আৰম্ভ কৰিলে। আৰু এতিয়া তেওঁৰ ওজন মাত্ৰ তিৰাশী কিলোগ্ৰাম।

কিন্তু ইমান ওজন তেওঁ কেনেকৈ কমালে?

ক্ৰীষ্টিনাই এই সন্দৰ্ভত কয় যে তেওঁ অতি কম বয়সৰ পৰাই অত্যধিক পৰিমাণৰ খাদ্য খাইছিল। পিতৃ-মাতৃয়ে কেতিয়াও ‘ফাষ্ট ফুড’, ভজা খাদ্য খোৱাত বাধা দিয়া নাছিল। আনকি বিয়াৰ পাছতো স্বামীয়েও কেতিয়াও ওজন কমাবলৈ পৰামৰ্শ দিয়া নাছিল। অতিমাত্ৰা খাদ্য খোৱাৰ অভ্যাসেই বিপদ কঢ়িয়াই আনে ক্রিষ্টিনাৰ জীৱনলৈ৷ ওজন ইমানেই বৃদ্ধি পায় যে খোজ কঢ়াটো অসম্ভৱ হৈ পৰে। উশাহ-নিশাহত কষ্ট হয়। অতিৰিক্ত ওজনৰ বাবে ২ বছৰতকৈ অধিক সময় ঘৰৰ পৰা ওলাব পৰা নাছিল।

ক্ৰীষ্টিনা ওজনৰ বাবে ইমানেই হতাশ হৈ পৰিল যে অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত ল’লে। তেওঁ য়ুনান নৌজাৰাডান নামৰ চিকিৎসক এজনৰ সৈতে যোগাযোগ কৰে। তেওঁৰ গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপচাৰৰ পিছত নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰিলে।লগতে ব্যায়াম চলি থাকিল। কেৱল নিজৰ মনৰ বাবেই তেওঁৰ ওজন কমাবলৈ ধৰিলে। দহ বছৰৰ কষ্টৰ অন্তত এতিয়া দুশ চৌত্ৰিশ কিলোগ্ৰাম কমিছে ক্ৰীষ্টিনাৰ। এতিয়া তেওঁৰ ওজন প্ৰায় তিৰাশী কেজি। কিন্তু ওজন কমি যোৱাৰ পিছতো শৰীৰত ছালৰ সমস্যা ৰৈ যায়। গতিকে এইবাৰ তেওঁ সেই সমস্যাটো সমাধানৰ বাবে আন এটা অস্ত্ৰোপচাৰ কৰিব বিচাৰিছে।

Exit mobile version