শিল্পীসকলক কি আহ্বান জনালে সোণোৱালে?

1 min read

ক’ভিডৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ মানি ৰাইজ তথা শিল্পীসকলক বিহু উদযাপন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শৃংখলাবদ্ধতাৰে আৰু নিখুঁতভাৱে নীতি-নিয়ম পালন কৰি বিহুৰ আনন্দ উপভোগ কৰিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

“বিহু উদযাপ কৰক, কিন্তু তাত শৃংখলাবদ্ধতা অটুত থাকিব লাগিব। আমাৰ নীতি-নিৰ্দেশনা নিখুঁতভাৱে পালন কৰক। তেতিয়াহে বিহু উদযাপন কৰাৰ ক্ষেত্ৰত থকা আমাৰ উদ্দেশ্য সফলকাম হ’ব।”—এনেদৰে মন্তব্য কৰে সোণোৱালে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়—”শিল্পীসকলক মই আহ্বান জনাইছো—তেওঁলোকে যেন নিয়ম উলংঘা নকৰে। সমাজখনক সুস্থ কৰি ৰখাত আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে।”

You May Also Like

More From Author