Site icon Guwahati Times

বিহুত কোন শিল্পীয়ে ভংগ কৰিলে চৰকাৰৰ ‘SOP’?

ক’ভিড-১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে বিহু অনুষ্ঠানৰ ক্ষেত্ৰত জাৰি কৰিছে নিৰ্দেশনা। চৰকাৰৰ ‘SOP’ অনুসৰি নিশা ১১ বজাৰ পূৰ্বে সামৰিব লাগিব বিহুৰ অনুষ্ঠান।

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে চৰকাৰৰ নিয়ম মানি বঙাইগাঁও চহৰৰ গান্ধী ময়দানত নিশা ১১ বজাৰ পূৰ্বে মঞ্চ ত্যাগ কৰে।

৮.৪৫ বজাৰ পৰা ১০.৫৯লৈকে গীত পৰিৱেশন কৰি হাজাৰ হাজাৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে।

আনহাতে, বিপিন চাউদাঙে ১১.১৫ বজালৈকে অনুষ্ঠান পৰিৱেশন কৰে।

হাজোত দীপলিনা ডেকাই ১১.২৫ আৰু খাৰঘূলিত নীল আকাশে ১১.৩০ বজাত সংগীতানুষ্ঠান সামৰে।

ইয়াৰ বিপৰীতে একাংশ শিল্পীয়ে চৰকাৰৰ ‘SOP’ উলংঘা কৰি নিশা দুপৰলৈকে অনুষ্ঠান পৰিৱেশন কৰে।

জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গনেশগুৰিত সোনকালে অনুষ্ঠানৰ সামৰণি ঘটায় যদিও পাণ্ডুত নিশা ১ বজা পৰ্যন্ত গীত পৰিৱেশন কৰে।

গায়িকা গীতাঞ্জলি দাসেও নুনমাটিত নিশা ১২ বজালৈকে অনুষ্ঠান পৰিৱেশন কৰে।

আচুৰ্য বৰপাত্ৰই গুৱাহাটীৰ বৰাগাঁৱত নিশা ১১.৫৫ বজালৈকে মঞ্চত গীত গায়।

Exit mobile version