Site icon Guwahati Times

নৈশ সান্ধ্য আইনৰ সময়ত কোনে পাৰিব চলাচল কৰিব?

আজিৰ পৰা অসমত ঘোষণা কৰা হ’ল নৈশ সান্ধ্য আইন। নিশা ৮ বজাৰ পৰা ৫ বজালৈ ঘোষণা কৰা সান্ধ্য আইনৰ সময়ত এই সেৱাসমূহ চলি থাকিব।

১) জৰুৰীকালীন সেৱা যেনে, স্বাস্থ্যসেৱা, পৰিয়াল কল্যাণ, গৃহৰক্ষী, অগ্নিনিৰ্বাপক, বিদ্যুত, পানী যোগান, ছেনিটাইজেচন আদি।

২) চিকিতসক, নাৰ্ছ বা স্বাস্থ্যকৰ্মীসকলে এই সময়ছোৱাত চলন ফুৰণ কৰিব পাৰিব ।

(৩) এয়াৰপোৰ্ট,ৰেলৱে ষ্টেচন,বাছৰ বাবে যোৱা যাত্ৰীয়ে উপযুক্ত টিকট লগত ৰাখি চলাচল কৰিব পৰিব।

(৪) পৰিচয় পত্ৰ লগত ৰাখি সংবাদ মাধ্যমৰ লোকে চলাচল কৰিব পাৰিব।

(৫) ন্যায় ব্যৱস্থাৰে জড়িত লোক।

(৬) পেট্ৰ’ল পাম্প, গেছ চিলিণ্ডাৰ, পেট্ৰ’লিয়াম গেছৰ সেৱা চলি থাকিব।

(৭) উৎপাদন ক্ষেত্ৰ, শীতলীকৰণ ভঁৰাল, প্ৰাইভেট ছিকিউৰিটী সেৱা চলি থাকিব।

(৮) গৰ্ভৱতী মহিলা, ক’ৰোনা ভেকচিনেচনত জড়িত লোক, দুগ্ধ ব্যৱসায়ী, ফল-মূল বা আন খাদ্যসামগ্ৰী যোগানীয়াৰ, বেংক, এটিএমত নিয়োজিত কৰ্মচাৰী, ব্যক্তিগত নিৰাপত্তাৰক্ষী, দূৰ সংযোগ ব্যৱস্থাপনা, ইণ্টাৰনেট সেৱা, কেবল সেৱাৰে জড়িত লোক আদিৰ চাল-চলনত অনুমতি।

উল্লেখ্য, জৰুৰী বা অত্যৱশ্যকীয় সেৱাৰ সৈতে জড়িত সকলোৱে পৰিচয় পত্ৰ বা আন যাৱতীয় নথি প্ৰদৰ্শন কৰিব লাগিব।

Exit mobile version