Site icon Guwahati Times

কিয় বহুদিনৰ বাবে লণ্ডললৈ গ’ল ইউটিউবাৰ ভাগ্য ব্র’?

অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰ ভাগ্য ব্র’ ওৰফে ভাগ্যশ্ৰী শৰ্মা। খুহুতীয়া কথাৰে দৰ্শকৰ মন জয় কৰা ইউটিউবাৰগৰাকীয়ে এতিয়া তেওঁৰ চেনেলৰ জৰিয়তে আপোনাক দেখুৱাব লণ্ডন। ইতিমধ্যে লণ্ডনত উপস্থিত হৈছে ভাগ্যশ্ৰী। লণ্ডনত তিনিমাহৰ বাবে থাকিব তেওঁ।

অৱশ্যে আন ইউটিউবাৰসকলৰ দৰে কেৱল ভ্ৰমণৰ উদ্দেশ্যে বিদেশলৈ উৰা মৰা নাই ভাগ্যশ্ৰী। ভাগ্যশ্ৰীৰ লণ্ডন গমনৰ আছে বিশেষ উদ্দেশ্য।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৫গৰাকী শিক্ষাৰ্থীক তিনিমহীয়া এক প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে ইউৰোপৰ দেশখনলৈ। এই দলটোত আছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰী তথা ইউটিউবাৰ ভাগ্যশ্ৰী শৰ্মাও।
এই যাত্ৰাৰ বিষয়ে স্বভাৱসুলভ ৰসিকতাৰে ভিডিঅ’ত প্ৰকাশ কৰিছে ভাগ্য ব্র’ৱে।

Exit mobile version