Site icon Guwahati Times

শৰীৰৰ অন্য অংশৰ তুলনাত যৌনাংগৰ ৰং ক’লা! সেই অংশ বগা কৰা কিমান দূৰ স্ৱাস্থ্যসন্মত, জনাইছে বিশেষজ্ঞই

শৰীৰৰ ৰং! বিভিন্ন সময়ত শৰীৰৰ ৰঙকলৈ বিশ্ৱৰ বিভিন্ন প্ৰান্তত বিতৰ্ক হোৱা দেখিবলৈ পোৱা যায়। এতিয়াও বহু ঠাই আছে,য’ত শৰীৰৰ ৰঙকলৈ বিতৰ্ক হোৱা দেখিবলৈ পোৱা যায়।

বিশেষজ্ঞ পল্লৱী বৰ্নৱালে জনাইছে যে, শৰীৰৰ ৰং কলা হোৱাৰ বিষয়টোত তেওঁলৈ মাজে মাজে চিঠি আহে। বহুতে কয় যে, তেওঁলোকে এই কাৰণেই সংগীৰ সন্মুখত নিশা যৌন কাৰ্য চলোৱাৰ সময়ত উলংগ হবলৈ অমান্তি হয়। এই দ্ৱিধা দূৰ কৰিবলৈ কি পৰিব পাৰি এতিয়া এইলৈ আলোচনা কৰিছে পল্লৱীয়ে।

প্ৰথমে পল্লৱীয়ে কৈছে যে, এয়া সম্পূৰ্ণ ৰূপে জিনৰ লগত জড়িত। জিনৰ গঠনৰ বাবেই বহু ভাৰতীয় নাৰী আৰু পুৰুষৰ শৰীৰৰ ৰং বগা হ’লেও শৰীৰৰ কিছু অংশ যেনে, যৌনাংগ, নিতম্ৱৰ ভিতৰৰ ফালে, উৰুৰ পিছফালে, কাষলতিৰ তল আদি কলা হয়। পল্লৱীৰ মতে, বিষয়টো স্বাভাৱিক। কোনো লাজ বা হিনমান্যতাত ভুগাৰ প্ৰয়োজন নাই।

লগতে পল্লৱীয়ে সাৱধান কৰি দিছে যে, যৌনাংগ বগা কৰিবলৈ বৰ্তমান বিভিন্ন ধৰণৰ ৰাসায়নিক সামগ্ৰী বজাৰত উপলব্ধ। কিন্তু এয়া চালৰ কাৰণে ভাল নহয় বুলি জনাই পল্লৱীয়ে।

Exit mobile version