Site icon Guwahati Times

বাতিল হ’ব মেট্ৰিক আৰু HSৰ পৰীক্ষা! ১৮ জুনত হ’ব চূড়ান্ত সিদ্ধান্ত

 আজিৰ কেবিনেটে সাম্প্ৰতিক ক’ভিড পৰিস্থিতৰ বিতং পৰ্যালোচনাৰ অন্তত সিদ্ধান্ত লয় যে প্ৰচলিত ব্যৱস্থা অনুসৰি আগন্তুক উচ্চ মাধ্যমিক, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয়। সেয়েহে অহা ১৮ জুন তাৰিখে শিক্ষা বিভাগে সকলো পক্ষৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই সংক্ৰান্তত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।

আজি সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে বৰ্তমানৰ ক’ভিড পৰিস্থিতিত পূৰ্বৰ দৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি শিক্ষা বিভাগক আজিৰ কেবিনেটে পৰামৰ্শ দিছে। কিন্তু এইটো চূড়ান্ত নহয়। এইক্ষেত্ৰত অহা ১৮ জনুত শিক্ষা বিভাগে বিভিন্ন দল-সংগঠন, অনুষ্ঠানৰ সৈতে বৈঠক পাতি পৰীক্ষা পতা-নপতা সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত ল’ব।

Exit mobile version