Site icon Guwahati Times

নিজকে শক্তিৰে পৰিপূৰ্ণ কৰি ৰাখিবলৈ মহিলাসকলে এই অভ্যাসবোৰ গ্ৰহণ কৰিব পাৰে

Copy of Copy of Copy of Yellow & Orange Modern Marketing Courses YouTube Thumbnail - 1

সকলো কাম কৰিবলৈ আমাক শক্তিৰ (Energy) প্ৰয়োজন আৰু আজিৰ যুগত আমি একে সময়তে বহু কাম কৰিব লাগিব পাৰে। এই সমস্যা (Problem) বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত সচৰাচৰ হয়। যেতিয়া তেওঁলোকৰ ঘৰত আৰু বাহিৰত কাম কৰাৰ দায়িত্ব থাকে। শীতকালত (Winter)  এই সমস্যাটো বিশেষভাৱে বেছি হয়। কাৰণ শীতকালৰ দিনবোৰ কম। একে সময়তে শীতকালত স্বাস্থ্যৰ বিষয়ে বিশেষ সচেতনো হ’ব লাগে।

অৱশ্যে শীতকালতো মহিলাসকলে তেওঁলোকৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ শক্তি সম্পূৰ্ণৰূপে ফিট ৰাখিব পাৰে। কেৱল তাৰ বাবে তেওঁলোকে কিছুমান অভ্যাস গ্ৰহণ কৰিব লাগিব। সেইবোৰৰ বিষয়ে জানোঁ আহক-

এইটোৱে আমাক সঠিক শক্তিৰ সৈতে কাম কৰিবলৈ সক্ষম কৰি তুলিব। যদি আপুনি ৰাতিপুৱাৰ ভাগত আপোনাৰ শক্তিৰ স্তৰ ভাল বুলি অনুভৱ কৰে তেন্তে আপোনাৰ সঠিক কামৰ সময় দিনত ৯ৰ পৰা সন্ধিয়া ৫ বজালৈ হ’ব পাৰে। যদি আপোনাৰ শক্তিৰ স্তৰ সন্ধিয়া ভাল হয় তেন্তে ঐপোনাৰ কামৰ সময় আবেলি তিনিৰ পৰা নিশা ১১-১২ বজাৰ ভিতৰত হ’ব পাৰে।

আপোনাৰ ডায়েটৰ প্ৰতি মনোযোগ দিব
কোৱাৰ প্ৰয়োজন নাই যে আমাৰ শৰীৰৰ শক্তিৰ স্তৰ আমাৰ খাদ্য আৰু ইয়াৰ মানৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। ভিটামিন আৰু খনিজ পদাৰ্থসমৃদ্ধ ফল আৰু পাচলিয়ে আমাক আমাৰ শক্তিৰ স্তৰ বজাই ৰখাত সহায় কৰে আৰু আমাক ভাগৰুৱা হ’বলৈ নিদিয়ে। এনে কিছুমান খাদ্য শস্য, গাখীৰ আৰু অন্যান্য খাদ্য আছে। সেয়েহে, আমি সেইবোৰৰ বিষয়ে জানিব লাগে আৰু সেইবোৰ সঠিকভাৱে গ্ৰহণ কৰি থাকিব লাগে।

ৰাতিপুৱাৰ আহাৰ নাপাহৰিব
চিকিৎসকসকলে কয় যে আমাৰ শৰীৰ আৰু মগজু দুয়োৰে স্বাস্থ্যৰ বাবে ৰাতিপুৱাৰ আহাৰ অতি গুৰুত্বপূৰ্ণ। আৰু ই ভাল পৰিমাণত হ’ব লাগে, পাতল-ফুলা নহয়। কিয়নো গোটেই ৰাতি সাৰ পোৱাৰ পিছত, আমাক বাকী দিনটোত অধিক শক্তিৰ প্ৰয়োজন।  সেয়েহে  ৰাতিপুৱাৰ আহাৰত ৰাতিটো তিয়াই ৰখা বুট বা চিনাবাদাম বা ছয়াবীন বা পুষ্টিকৰ পোহা আদি উত্তম বিকল্প হ’ব পাৰে।

Exit mobile version